অসম

শিক্ষানুষ্ঠানত আশ্ৰয় শিবিৰ, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত মাৰ্ঘেৰিটা মহকুমাত নিষেধাজ্ঞা

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: অসম চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশনুসাৰে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা অথবা আশ্ৰয় শিবিৰ স্থাপন আদিৰ অবিহনে কোনো কাৰণতে শিক্ষানুষ্ঠান সমূহৰ পাঠদানত ব্যাঘাত জন্মাৰ তথা শ্ৰেণী বাতিলকৰণৰ কৰিব নোৱাৰিব। শিশুৰ শিক্ষাৰ অধিকাৰ বিঘ্নিত হোৱাৰ আশংকা কৰি আৰু শিক্ষানুষ্ঠানৰ উৎকৰ্ষ সাধনৰ লগতে সংগতি নথকা বাণিজ্য মেলা , সাংস্কৃতিক অনুষ্ঠান , থিয়েটাৰ আদি অনুষ্ঠিত কৰি শৈক্ষিক পৰিৱেশ বিনষ্ট নহ’বলৈ এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমাধিপতিয়ে বাধা আৰোপ কৰিছে। মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি বিক্ৰম কৈৰীয়ে মুখ্য সচিবৰ নিৰ্দেশনাৰ অধীনত শিক্ষানুষ্ঠান সমূহত শিশুসকলৰ শিক্ষাৰ অধিকাৰ খৰ্ব হ’ব পৰা যিকোনো অশৈক্ষিক অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এক প্ৰেছ টোকাৰ জড়িয়তে আজিৰে পৰা এই নিষেধাজ্ঞা মাৰ্ঘেৰিটা মহকুমাত বলবৎ হৈছে বুলি সংবাদমাধ্যমৰ জড়িয়তে ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীয়ে জনসাধাৰণক অৱগত কৰিছে ।

Related Articles

Leave a Reply

Close