অসম

শ্ৰমিক দিৱসৰ দিনাও হোটেল,ৰাজপথত শিশু শ্ৰমিক

প্ৰথম খবৰ,ধিং:  আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। বিশ্বৰ শ্ৰমিক সমাজৰ ঐক্য আৰু সংহতিৰ প্ৰতীক হিচাপে পালন কৰা হৈছে আজি শ্ৰমিক দিৱস। শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰ, মালিক পক্ষৰ শোষণ, বঞ্চনাৰ জৱাব দিবলগীয়া হয় এই মে’ দিৱসত। কিন্ত শ্ৰমিক দিৱসৰ তাৎপৰ্য দেখিবলৈ পোৱা নাযায় ৰাজ্যখনৰ বিভিন্ন ঠাইত। আজি শ্ৰমিক দিৱসৰ দিনাও নগাঁও জিলাৰ ধিঙত দেখা গ’ল এক বিপৰীত ছবিহে। শ্ৰমিক,বনুৱা বাদেই শিশুসকলে বিভিন্ন ৰেষ্টুৰেন্ট তথা অস্বাস্থ্যকৰ ঠাইত পৰিয়ালৰ তাগিদাত কৰ্ম কৰিবলগীয়া হৈছে। অতি কম পাৰিশ্ৰমিকেৰে নিয়োজিত কৰিছে এইসকল শিশুক একাংশ মালিকে। অসম চৰকাৰৰ ‘সৰ্বশিক্ষা অভিযানে’ ও ঢুকি নাপায় এইসকল শিশুক। যাৰফলত শিক্ষাৰ পৰা বঞ্চিত হৈ আৰ্থিক অনাটন ত এইদৰে কাম কৰিবলগীয়া হৈছে বিভিন্ন প্ৰতিষ্ঠানত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close