অসম

সমাজসেৱাৰ বাবে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদালৈ বীৰ মহাৰাণা প্ৰতাপ সিংহ বঁটা

 

প্ৰথম খবৰ, ৰূপহীহাটঃ ৰূপহীহাটৰ বিধায়কে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বাতৰিয়ে উৎফুল্লিত কৰি তুলিছে স্থানীয় ৰাইজক৷ মহাৰাষ্ট্ৰৰ ‘মন শান্তি সেৱাভাৱী সংস্থা’ই ‘ৰাষ্টীয় বহুজন সাহিত্যকাৰ’ সন্মিলনত ‘বীৰ মহাৰাণা প্ৰতাপ সিংহ বঁটা’ আগবঢ়াইছে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক তথা বিশিষ্ট সমাজসেৱী নুৰুল হুদালৈ৷ সমাজ, সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰখনত অৰিহনা আগবঢ়োৱা ব্যক্তিলৈ এই বঁটা প্ৰদান কৰি আহিছে৷ নগাঁৱৰ সমাজসেৱক নুৰুল হুদাই জিলাখনৰ বিভিন্ন ঠাইত শিক্ষানুষ্ঠান স্থাপনকে আদি কৰি অন্যান্য কৰ্মৰে সমাজ জীৱনত বিশেষকৈ শৈক্ষিক দিশত আগবঢ়োৱা অৱদানৰ কাৰণে উক্ত বঁটাৰ বাবে নিৰ্বাচিত হয়৷ মহাৰাষ্ট্ৰৰ ডেপুটি চেয়াৰ মেন মানিক ৰাও ঠাকুৰে ৩০ এপ্ৰিলত উক্ত বঁটা প্ৰদান কৰে৷    

Related Articles

Leave a Reply

Close