অসম

সাংবাদিক পৰাগ দাসক হত্যা কৰা নাছিল আলফাই : আলফাৰ অন্ধ সমৰ্থক আছিল পৰাগ দাস

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: পৰাগ দাসৰ হত্যাকাৰীক ধৰিব নোৱাৰাটো প্ৰশাসন তথা ৰাষ্ট্ৰযন্ত্ৰৰ বাবে অতি দুখজনক আৰু পুতৌজনক । ইয়াত ৰাষ্ট্ৰযন্ত্ৰৰ চৰিত্ৰ প্ৰকাশ পাইছে । পৰাগ দাসক আলফাই হত্যা কৰা নাছিল । সেইসময়ত ৰাষ্ট্ৰযন্ত্ৰই আলফাই হত্যা কৰিছিল বুলি অপপ্ৰচাৰ চলাই আলফাৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচিছিল। পৰাগ দাসৰ মৃত্যু আলফাৰ বাবেও এক বৃহৎ ক্ষতি। কাৰণ সেইসময়ত আলফা সম্পৰ্কে পৰাগ দাসৰ কলমৰ পৰা নিৰ্গত হোৱা লিখনি পঢ়ি অসমীয়া ৰাইজ আলফাৰ প্ৰতি আকৰ্ষিত হৈছিল। আলফাৰ এজন অৰ্ধ সমৰ্থকক আলফাই কেতিয়াও হত্যা নকৰে। এইয়া এক অপ প্ৰচাৰ। এই মন্তব্য প্ৰাক্তন আলফা অনুপ চেতিয়া। আনহাতে প্ৰাক্তন আলফা সকলৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰূপনৰ বাবে বিশ্বনাথৰ বিনাপানী নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখনি সভাত অংশগ্ৰহণ কৰে অনুপ চেতিয়া । সভাত প্ৰাক্তন আলফা ঐকমঞ্চৰ অবিভক্ত শোণিতপুৰ জিলা সমিতিখন গঠন কৰা হয়।

Related Articles

Leave a Reply

Close