অসম

সাপ, বেং ওলোৱা এখন বিদ্যালয়

প্ৰথম খবৰ, টিয়ক: শৈক্ষিক নগৰী যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমলীয়া চাপৰি নিম্ন বুনিয়াদী চৰকাৰী বিদ্যালয় বাৰিষা কালৰ প্ৰায় তিনিমাহ বন্ধ হৈ থাকে কাৰণ সাপ বেং ওলায়। মধ্য যোৰহাট ,চিপাহীখোলা শিক্ষা খণ্ডৰ অন্তৰ্গত এই স্কুল খনৰ আন্ত:গাঁথনি অতি নিম্ন মানৰ। বহুবাৰ চৰকাৰৰ প্ৰতিনিধিক অনুনয় বিনয় কৰিও কোনো সঁহাৰি নাপাই বহুবছৰ ধৰি কষ্টত দিন কটাইছে ছাত্ৰ ছাত্ৰী,শিক্ষক কৰ্মচাৰী। শিক্ষাদানৰ সামান্যতম পৰিৱেশ কণো নাই জাঁজীমুখৰ এই বিদ্যালয়ত। গৰম দিনত উৎকট গৰমত পাঠদান গছৰ তলত হয় এই স্কুলখনত। শিক্ষামন্ত্ৰীৰ বিকশিত শিক্ষা ব্যৱস্থাই এইয়াই নেকি প্ৰকৃত ছবি সেইয়া প্ৰশ্ন সাধাৰণ ৰাইজৰ।

Related Articles

Leave a Reply

Close