অসম

সোঁতৰ বিপৰীতে সৃজনগ্ৰামৰ এজাক যুৱক-যুৱতী : পুথিভঁৰাল স্থাপন, লোকশিল্পীক সন্মান প্ৰদানেৰে আদৰ্শ স্থাপন “ইয়ং সৃজনগ্ৰাম”ৰ

প্ৰথম খবৰ, সৃজনগ্ৰাম: যিসময়ত আজিৰ যুৱচাম সমাজ-সংস্কৃতি বিমুখ বুলি অভিযোগ উত্থাপিত হয়, তেনে সময়তে বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ এজাক যুৱক-যুৱতীয়ে সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে। অঞ্চলটোৰ দুই যুৱক ৰিংকুমণি পাঠক আৰু দ্বীপজ্যোতি ৰায়ৰ নেতৃত্বত এচাম যুৱক-যুৱতীৰ দ্বাৰা গঠিত ‘ইয়ং সৃজনগ্ৰাম’ নামৰ অনুষ্ঠানটোৱে কেতবোৰ ইতিবাচক আৰু অভিনৱ কাৰ্যপন্থা গ্ৰহণ কৰি আশাৰ বতৰা কঢ়িয়াইছে। ইয়ং সৃজনগ্ৰামে অঞ্চলটোত আৰম্ভ কৰিছে এক নীৰৱ বিপ্লৱ। নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সংগঠনটোৱে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় কাৰ্যসূচী। ইয়ং সৃজনগ্ৰামে আৰম্ভ কৰা ‘প্ৰজ্ঞা-দ্যা লাইট অৱ নলেজ’ নামৰ অভিযানটোৰ জৰিয়তে সংগঠনটোৱে চৰকাৰী বিদ্যালয়সমূহত পুথিভঁৰাল গঢ়াৰ প্ৰচেষ্টা হাতত লৈছে। সেই প্ৰচেষ্টাৰ অংশস্বৰূপে যোৱা ১২ জানুৱাৰীত ২ নং খামাৰপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰথমটো পুথিভঁৰাল মুকলি কৰা হয়।পৰৱৰ্তী পৰ্যায়ত নৱ প্ৰজন্মক অধ্যয়নমুখী কৰি তুলিবলৈ আন কেতবোৰ পদক্ষেপো গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ইয়ং সৃজনগ্ৰামৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰিংকুমণি পাঠক আৰু দ্বীপজ্যোতি ৰায়ে। উল্লেখযোগ্য যে পূৰ্বেও কেইবাটাও অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰি ইয়ং সৃজনগ্ৰামে ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৬ চনত প্ৰশস্তি গাথা নামৰ অনুষ্ঠানৰ আয়োজন কৰি এইসকল যুৱক-যুৱতীয়ে তিনিগৰাকী অৱহেলিত লোকশিল্পী শ্যামাচৰণ নাথ, অলিল বৰুৱা আৰু ফুলেন বৰুৱাক সন্মান প্ৰদান কৰে। আজীৱন দুখ কষ্টেৰে লোক সংগীতৰ সাধনা কৰা শ্যামাচৰণ নাথ এগৰাকী ঠেলাচালক হোৱাৰ বিপৰীতে অনিল বৰুৱা আৰু ফুলেন বৰুৱা ক্ৰমে মিস্ত্ৰী আৰু খেতিয়ক। ইয়ং সৃজনগ্ৰামে এওঁলোকক প্ৰথমবাৰৰ বাবে ৰাজহুৱা সন্মান প্ৰদান কৰি বিৰল আদৰ্শ দেখুৱায়। আনহাতে ২০১৫ বৰ্ষত সংগঠনটোৱে ‘সৃজনগ্ৰাম-আশা হতাশা ইত্যাদি’ শীৰ্ষক বিষয়ক এক গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত সৃজনগ্ৰাম অঞ্চলৰ আশা-হতাশাৰা বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে আজিৰ প্ৰজন্মক নিজ অঞ্চলটোৰ প্ৰতি সচেতন কৰি তুলিবলৈ ইয়ং সৃজনগ্ৰামে ছাত্ৰ-ছাত্ৰীৰ মাজত সৃজনগ্ৰামৰ অতীত আৰু বৰ্তমান সম্পৰ্কে ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰিছিল। তদুপৰি সংগঠনটোৱে বিশ্ব পৰিৱেশ দিৱস, জৈৱ বৈচিত্ৰ দিৱস আদিও উদযাপন কৰি আহিছে। যুৱ প্ৰজন্মক সমাজৰ প্ৰতি দায়বদ্ধ কৰাৰ লগতে ইতিবাচক কামত জড়িত কৰাৰ উদ্দেশ্যে জন্ম লাভ কৰা ইয়ং সৃজনগ্ৰামৰ এনেবোৰ পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। কিন্তু সমাজৰ এটা চামে এইসকল যুৱক-যুৱতীৰ ইতিবাচক কামত আশানুৰূপভাৱে সহযোগিতা প্ৰদান নকৰাটোহে দুখৰ বিষয় বুলি মতপোষণ কৰে ইয়ং সৃজনগ্ৰামৰ সভাপতি-সম্পাদকে।

Related Articles

Leave a Reply

Close