অসম

সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিল নলবাৰীৰ ৰিদিপ সাউদ

প্ৰথম খবৰ, নলবাৰী: ভাৰত চৰকাৰৰ চেন্টাৰ ফৰ কালচাৰেল ৰিছাৰ্চ এণ্ড ট্ৰেইনং ( চি চি আৰ টি ) ৰ বৃত্তিমূলক পৰীক্ষাত এইবছৰৰ নলবাৰীৰ বৰসৰকুছি গাঁৱৰ সুভাস চন্দ্ৰ সাউদ আৰু বন্তিৰাণী শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ তথা নলবাৰী অসম একাডেমিৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰিদিপ সাউদে বিহু ঢোল শিতানত জলপানী পাবলৈ সক্ষম হৈছে। তেওঁ নলবাৰী চহৰৰ হেপাঁহ সাংস্কৃতিক কেন্দ্ৰত গুৰু ধনজিৎ দত্তৰ তত্ত্বাৱধানত বিহু ঢোল বাদনৰ প্ৰশিক্ষণ লৈ আছে। ৰিদিপে অসমৰ বিভিন্ন বিহু মঞ্চত আৰু দূৰদৰ্শনৰ অনুষ্ঠানত পুৰস্কৃত হৈছে ইতিমধ্যে। কিশোৰ ছাত্ৰ ৰিদিপৰ এনে সাফল্যত নলবাৰীত আনন্দৰ জোৱাৰ উঠিছে। এই ক্ষেত্ৰত বিভিন্ন দল – সংগঠনে ৰিদিপ সাউদক শুভেচ্ছা তথা আশীৰ্বাদ দিছে আৰু আগন্তুক সময়ত অধিক সাফল্য অৰ্জন কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close