অসমশীৰ্ষ

হাতত নগা দা লৈ ৰূপজ্যোতিৰ হুংকাৰ: বন বিভাগে উচ্ছেদ কৰিলে নগা বেদখলকাৰীৰ দুটাকৈ ঘৰ

প্ৰথম খবৰ, মৰিয়নি: নিতৌ ন ন ৰূপ দেখুওৱা বিধায়ক কুৰ্মীয়ে এইবাৰ হাতত তুলি ললে নগা দা। আগ্ৰাসী নগাৰপৰা সংৰক্ষিত বনাঞ্চল প্ৰতিৰক্ষা কৰিবৰ বাবে আগবাঢ়ি গ’ল স্থানীয় ৰাইজ সহিতে বিধায়ক কুর্মী। ৰূপজ্যোতিৰ হুংকাৰ প্ৰশাসনৰ উচ্ছেদৰ ত্ৰাসত ঘূৰি গ’ল বেদখলকাৰী নগা। অসম-নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নিৰ দীচৈ ভেলী সংৰক্ষিত বনাঞ্চলখনৰ প্রায় ৭০শতাংশ ভূমি নগাৰ কৱলত। নিতৌ নগাৰ আগ্ৰাসন হৈ আছে এই বনাঞ্চলখনত। এই সংৰক্ষিত বনাঞ্চলখনত নতুনকৈ এখন নগাৰ গাঁও স্থাপনৰ খবৰ পাই ততাতৈয়াকৈ বিধায়কগৰাকী উপস্থিত হয় বনাঞ্চলখনত। বন বিভাগ, পুলিচ প্ৰশাসন তথা স্থানীয় ৰাইজ সহিতে বিধায়কগৰাকী ৰাওনা হয় উক্ত অঞ্চললৈ। হাতত নগা দা লৈ ৰূপজ্যোতি কুৰ্মীয়ে নগাক পোনপটীয়াকৈ হুংকাৰ দিয়াৰ লগতে নগাই স্থাপন কৰা ঘৰসমূহ উচ্ছেদ কৰিবৰ নিৰ্দেশ দিয়ে বনবিভাগক। যি সময়ত সীমা সমস্যাৰ সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে সেই সময়তে নগাৰ এনে আগ্ৰাসন কিয় ৰোধ কৰিব পৰা নাই বুলিও বন বিভাগক প্ৰশ্নও কৰে।

বিশেষ কাৰণবশত বিধায়কগৰাকী নগাৰ বেদখল স্থলীলৈ যাব নোৱাৰি উভতি আহিল। কিন্তু বিনবিভাগ তথা স্থানীয় ৰাইজৰ এটা দল দুৰ্গম পথেৰে প্ৰায় তিনি কিলোমিটাৰ ভিতৰলৈ গৈ সংৰক্ষিত বনাঞ্চলখনত স্থাপন কৰা নগাৰ ঘৰসমূহ উচ্ছেদ কৰে।

নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে যদিও বা বহু বছৰৰপৰা শীতল যুদ্ধ চলি আছে তথাপি পোনপটীয়া নগাৰ বিৰুদ্ধে এইয়াই মৰিয়নিত প্ৰথম পদক্ষেপ বুলি ক’ব পাৰি। যিমানে বিতৰ্কত নাথাকক কিয় ৰূপজ্যোতি কুৰ্মীয়ে গ্ৰহণ কৰা এই পদক্ষেপক সীমান্তবাসীয়ে কিন্তু আদৰি লৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close