অসম

হৰিশিঙা- টংলা সংযোগী পথৰ দুৰাৱস্থা

প্ৰথম খবৰ,হৰিশিঙা :হৰিশিঙা টংলা সংযোগী পথ আজিও সম্পূৰ্ণ হৈ নুঠিল ।  বিধানসভা নিৰ্বাচনৰ সময়ত স্থানীয় আছু গোট আৰু ৰাইজৰ সহযোগত পথ অৱৰোধ আদিকে ধৰি বিভিন্ন কাৰ্যসূচী লৈছিল ।তাৰ ফলত পথৰ কাম অকণমান হৈছিল যদিও বৰ্তমান অৱস্থাত কোনো অগ্ৰগতি হোৱা পৰিলক্ষিত হোৱা নাই । যিহেতু সেই পথেৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী ,বিভিন্ন ৰোগী আদি অহাযোৱা কৰে । সামান্য বৰষুণতে গোটেই পথ পানীৰে উপচি পৰে। সেইবাবে আজি ওদালগুৰি জিলা আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে দাবী জনাইছে যে অতি শীঘ্ৰে পথৰ কাম সম্পূৰ্ণ কৰিব লাগে । এই ক্ষেত্ৰত বিধানসভাত আলোচনা ও হ’ব লাগে বুলি পাটোৱাৰীদেৱে জনাই।

Related Articles

Leave a Reply

Close