অসম

২১ মে’ত লখিমপুৰৰ ত্যাগক্ষেত্ৰত একেলগে সম্পন্ন হব এহেজাৰ যোৰা দৰা-কইনাৰ বিবাহ

প্ৰথম খবৰ,লখিমপুৰ: আৰ্থিক দুৰৱস্থাৰ লগতে অন্যান্য আনুসংগিক কাৰণত বৈদিক প্ৰথাৰে বিবাহ সম্পাদন কৰিব নোৱাৰি সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত হীনমন্যতাত ভুগিব লগা দম্পতিলৈ সুখবৰ কঢ়িয়াই আনিছে সেৱা ভাৰতীয়ে। সামাজিক ভাৱে বিবাহ সম্পাদন কৰিব নোৱাৰা এইসকল দম্পতিক সকাহ দিয়াৰ উদ্দেশ্যে সেৱা ভাৰতীয়ে উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত আয়োজন কৰিছে সামূহিক বিবাহৰ এক বিশাল আয়োজন। অহা ২১ মে’ তাৰিখে ত্যাগক্ষেত্ৰত একেলগে ১০০০ (এহেজাৰ) যোৰা দম্পতিৰ বিবাহ অনুষ্ঠান সম্পাদন কৰাৰ বাবে ইতিমধ্যে সেৱা ভাৰতীয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত সামূহিক বিবাহ উদযাপন সমিতিৰ সভাপতি ভকত কুর্মী আৰু সম্পাদক কিচমত বিশালে জনোৱা মতে সামূহিক বিবাহৰ বাবে ইতিমধ্যে প্ৰায় ৭০০ (সাত শ) যোৰা বিবাহ প্ৰাৰ্থীয়ে পঞ্জীয়ণ কৰিছে। সামূহিক বিবাহ অনুষ্ঠানটিত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰাৰ লগতে বিবাহ পঞ্জীয়ণৰ বাবে লক্ষী গগৈৰ সৈতে মোবাইল নং ৯৮৫৪০৬৩০৬০ অথবা গুণাকান্ত শৰ্মাৰ সৈতে ৯৮৫৪০৬২৬১২ যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close