অসমমহিলাসাহিত্য

ৰঙিয়াত কিৰণ পাটোৱাৰীৰ কাব্যগ্ৰন্থ উন্মোচন

প্ৰথম খবৰ, ৰঙিয়াঃ ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কিৰণ পাটোৱাৰীৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘অনুভূতিৰ ৰূপালী ৰং’ দেওবাৰে ৰঙিয়াৰ প্ৰেছক্লাৱত উন্মোচন কৰা হয়। বিশিষ্ট কথাশিল্পী কুল শইকীয়াই আনুষ্ঠানিকভাৱে গ্ৰন্থখন উন্মোচন কৰি কাব্যগ্ৰন্থখন পাঠকসমাজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে। সাংবাদিক মুস্তাফা কামাল আহমেদে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কাব্যগ্ৰন্থখনত কবি পাটোৱাৰীৰ সৰল জীৱনবোধ প্ৰকাশ পোৱা বুলি ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ সুৰেশ চন্দ্ৰ নাথে। অনুষ্ঠানটোত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৰেন দাস, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গৌৰীপ্ৰভা মহন্ত, কবি কবিন দাস, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ নীলিমা ডেকা, নৰেন্দ্ৰ শৰ্মা, পৱিত্ৰ শৰ্মা, অণিমা ঠাকুৰীয়া আদি উপস্থিত থাকে। অনুষ্ঠানটোত কবিতা পাঠ কৰে মিৰাজুল ইছলাম, ৰুকু দেৱী, নৰেন্দ্ৰ শৰ্মা, দিনমণি ডেকা, আৰণ্যম কাশ্যপ আদিয়ে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই দি সকলোকে ধন্যবাদ জ্ঞাপন কৰে সাংবাদিক অঞ্জন পাটোৱাৰীয়ে। কাব্যগ্ৰন্থখনৰ প্ৰকাশক তৰুণ শইকীয়া। কবি কিৰণ পাটোৱাৰীয়ে কাব্যগ্ৰন্থখনত প্ৰকাশ পোৱা ৬৬ টা কবিতাৰ জৰিয়তে জীৱনৰ সুন্দৰতাখিনি ফুটাই তোলাৰ চেষ্টা কৰা বুলি মন্তব্য কৰি ভাষণ প্ৰদান কৰে।

 

Related Articles

Leave a Reply

Close