অসম

ৰাইজলৈ গোঁহাৰি ১০৮ সেৱাকৰ্মীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিভিন্ন সময়ত ১০৮ এম্বুলেঞ্চ সেৱাক লৈ ৰাইজৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হেৱা পৰিলক্ষিত হয়। এই সেৱা সুচাৰুৰূপে চলাই নিয়াৰ বাবে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে বিভাগটোৰ কৰ্মচাৰীবৃন্দই।গুৱাহাটী প্ৰেছ ক্লাৱত অনুস্থিত এক সংবাদ মেলৰ জৰিয়তে এম্বুলেঞ্চকৰ্মীসকলে কয় যে প্ৰতিৰোধতকৈ প্ৰতিকাৰ শ্ৰেয়। সেইবাবেই সকলো ১০৮ কৰ্মকৰ্তাক নিজৰ ভাই ভনী নাইবা বন্ধু হিচাপে জ্ঞান কৰি ধৈৰ্য্য সহকাৰে কামবোৰ চলাই নিয়াত সহায় কৰিবলৈ অনুৰোধ ৰাইজলৈ। উল্লেখযোগ্য যে, অনাহকত ১০৮ৰ কাৰ্যালয়লৈ ফোন নকৰিবলৈও অনুৰোধ জনায় এম্বুলেঞ্চ সেৱাকৰ্মীয়ে। কাৰণ এনেধৰণৰ ঘটনাই বিভাগটোক সেৱা আগবঢ়োৱাত ব্যাঘাত জন্মায়।

Related Articles

Leave a Reply

Close