অসম

ৰাজ্যত সমাজতত্ব বিষয়ত শতকৰা ৯৯ শতাংশ সৰ্ব্বোচ্চ নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে মনি শইকীয়াই

প্ৰথম খবৰ, শিমলুগুৰি:  শিৱসাগৰ জিলাৰ অন্তৰ্গত শিমলুগুৰিস্থিত ছ্যুকাফা একাডেমি জুনিয়ৰ কলেজৰ পৰা চূড়ান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ মণিয়ে প্ৰদৰ্শন কৰা ফলাফলত কলেজখনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী, অভিভাৱক- অভিভাৱিকা, পৰিচালনা গোষ্ঠীৰ লগতে সমান্তৰালকৈ শুভাকাংশী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। কলা শাখাত অৱৰ্তীৰ্ণ হোৱা সৰ্বমুঠ ১৫৪ গৰাকী ছাত্ৰ -ছাত্ৰীৰ ভিতৰত সকলো পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে প্ৰথম বিভাগত ৭৬জন, দ্বিতীয় বিভাগত ৫৬জন, আৰু তৃতীয় বিভাগত ২২ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে- অসমীয়া – ৬৬, ইংৰাজী -৫, অৰ্থনীতি – ৫, সমাজতত্ব-২৫, শিক্ষাতত্ব- ১৬, ভূগোল- ৭ , তৰ্কশাস্ত্ৰ ৯, বুৰঞ্জী -২, বিকল্প ইংৰাজী -২, ৰাজনীতি বিজ্ঞান -৭, কম্পিউটাৰ বিজ্ঞান -৫ । সেইদৰে বিজ্ঞান শাখাত প্ৰথম ৭, দ্বিতীয় বিভাগ ১৯ আৰু তৃতীয় বিভাগ ৮ । ইংৰাজীত ২ আৰু অসমীয়া বিভাগত ৬ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে। সামগ্ৰিকভাৱে কলেজখনত ১১ জনে ডিষ্টিংশ্যন আৰু ২৪ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close