Uncategorizedঅসম

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভুলৰ বাবে যোগীঘোপাত উপ্তত্ত পৰিস্থিতি

যোগীঘোপাৰ পৰা প্ৰথম খবৰ, অভয়াপুৰী: যোগীঘোপাত মংগলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভুলৰ বাবে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মতে ৰাষ্ট্ৰীয় ঘাইপথ ৫৭.৫ ফুট বহল পথ লাগে যদিও তেওঁলোকে উপযুক্ত নথিপত্ৰ দেখুৱাব নোৱাৰিলে বঙাইগাঁও জিলা প্ৰশাসনক ৷ আনহাতে চক্ৰবিষয়াৰ কাৰ্যালয়ৰ মতে ৪৯ ফুটহে বহল পথ হ’ব লাগে ৷ এই কথা জ্ঞাত হৈ পূৰ্বতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভুলৰ বলি হৈ ঘৰ তথা দোকান-পোহাৰ হেৰুওৱা লোকসকল উপ্তত্ত হৈ পৰে ৷ ফলত মংগলবাৰে উচ্ছেদ চলাব গৈ বইটামাৰী ৰাজহ চক্ৰৰ কাৰ্যবাহী বিষয়া মিতালী লহকৰ জনতাৰ ক্ষোভৰ বলি হয় ৷ আনহাতে উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসন তথা আৰক্ষীৰ স’তেও সংঘাতৰ সৃষ্টি হয় উচ্ছেদিত লোকসকলৰ ৷ একাংশ উত্তেজিত লোকে চক্ৰ বিষয়া মিতালী লহকৰক অপদস্থ কৰে ৷ আনহাতে উত্তেজিত জনতাই কিছুসময়ৰ বাবে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে ৷ পিছত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ যোগীঘোপাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে চৰকাৰী ভূমিত দোকান-পোহাৰ তথা ব্যৱসায়ীক প্ৰতিষ্ঠান বহুওৱাৰ বাবে পথচোৱা যথেষ্ট ঠেক হৈ পৰিছিল যাৰ ফলত প্ৰায়েই পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছিল ৷ উল্লেখ্য পূৰ্বতেও উচ্ছেদ অভিযান চলাইছিল ৷ পিছত ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হোৱাত পৰিস্থিতি শান্ত হয় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close