যুৱশীৰ্ষ

কেৰিয়াৰ আৰু ছাত্র-ছাত্রী

ড° বুলজিৎ বুঢ়াগোহাঁই

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাধাৰণতে প্রায়বোৰ ছাত্র-ছাত্রীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে। কেৰিয়াৰৰ বিষয়ে কিছু কথা তলত আলোচনা কৰিব বিচাৰিছো যাতে ইয়াৰ দ্বাৰা ছাত্র-ছাত্রীসকল উপকৃত হ’ব।

উচ্চতৰ মাধ্যমিকৰ শাখা নিবাৰ্চনৰ বিষয়ে আলোচনা কৰাৰ আগতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে -কলা , বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে খৰচি মাৰি পঢ়ি ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । সাধাৰণতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ’লেই ছাত্র-ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তিৰ কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিবৰ বাবে বাধ্য কৰায় , কিন্তু এনে হোৱা উচিত নহয়। ছাত্র ছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয়। যিহেতু বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে । যদি ছাত্র বা ছাত্রীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত আগ্রহী সকলে কলা শাখাত নাম ভর্তি কৰিব পাৰে

আকৌ , কোনো ছাত্র-ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ কলা শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে , গণিতত ৰাপ থকা ছাত্র-ছাত্রীয়ে বিজ্ঞান শাখাৰ জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে , একেদৰে জীৱবিজ্ঞান বিষয়ত ৰাপ থকা ছাত্র-ছাত্রীয়ে গণিত বিষয়টি নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বিজ্ঞান শাখাত নাম ভর্তি কৰা ছাত্র-ছাত্রী সকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নিবাৰ্চন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে ছাত্র-ছাত্রীসকলে এক সাম্যক ধাৰণা যুগুতাই লব পাৰিলে শাখা নিবাৰ্চন কৰা ক্ষেত্রত যথেষ্ট সুবিধা হ’ব। ইয়াৰ উপৰিও শাখা নিবাৰ্চন কৰোতে ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব লাগে । কিয়নো এই হবিসমূহেই ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে।

ছাত্র-ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ ক্ষেত্রত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে। যিসকল ছাত্র-ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে । শেষত , ছাত্র-ছাত্রীসকলে শাখা নিবাৰ্চন কৰোতে কেৰিয়াৰ বিশেষজ্ঞৰ সহায়ও ল’ব পাৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) পঢ়িব পাৰে।

ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আইটিআই:

ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আইটিআইৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। আইটিআইত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল– www.itiassam.nic.in। আবেদন কৰোতে এটা ই-মেইল আই ডি আৱশ্যক হয়। গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আইডি খোলা প্রয়োজন আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকলে ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ আৰু দুবছৰীয়া পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে তলত উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।

ইঞ্জিনিয়াৰিং ট্রেডৰ দুবছৰীয়া পাঠ্যক্রম:

ফিটাৰ,টাৰ্নাৰ, মেচিনিষ্ট, ইলেকট্রিচিয়ান, মটৰ ভেহিকল মেকানিক, ইলেকট্রনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, ইনফৰমেচন কমিউনিকেচন টেকন’ল’জী ছিষ্টেম মেইনটেনেন্স, ড্রাফটমেন চিভিল, ড্রাফটমেন মেকানিক, এগ্রিকালচাৰেল মেচিনাৰি মেকানিক,ৰিফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক, অ’ট’ ব’ডি পেণ্টিং মেকানিক , অ’ট্র ব’ডি ৰিপেয়াৰ মেকানিক , কেমিকেল প্লাণ্ট মেইনটেনেচ মেকানিক ।

ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম:

ডিজেল ইঞ্জিন মেকানিক , ট্রেক্টৰ মেকানিক, ছাৰ্ভেয়ৰ, প্লাষ্টিক প্রচেছিং অপাৰেটৰ , পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্রচেছিং, কনষ্ট্রাকচন এণ্ড উড ৱৰ্কছ, ইনফৰমেচন টেকন’লজী, ফেব্রিকেচন (ফিটিং এণ্ড ৱেলডিং), প্লাম্বাৰ ।

ন’ন ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম:

ষ্টেনোগ্রাফাৰ এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ, ছেক্রেটেৰিয়েল প্রেকটিচ, ছুয়িং টেকন’লজী, ড্রেছ মেকিং, বেচিক ক’চমেট’ল’জী, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট, ফটোগ্রাফাৰ, এমব্রইডাৰী।

ন’ন ইঞ্জিনিয়াৰিং ট্রেডৰ এটা চিমেষ্টাৰ পাঠ্যক্রম:

বড়ো টাইপৰাইটিং। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপতীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লেও অষ্টম শ্রেণী উত্তীৰ্ণ হোৱা নম্বৰ ভিত্তিত নামভৰ্তিৰ সুবিধা আছে।

‘ডাইৰেক্টৰেট অব্ এমপ্লয়মেণ্ট এণ্ড ট্রেইনিঙ’ৰ অধীনত অসমত ২৮খন ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আইটিআই আছে। ইয়াৰে ৫খন আইটিআই মহিলাৰ বাবে সংৰক্ষিত। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বাকী আইটিআইবোৰতো মহিলাই প্রশিক্ষণ গ্রহণ কৰিব পাৰে।

অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আইটিআইকেইখনৰ নাম হ’ল:

১।আইটিআই কৰিমগঞ্জ,

২। আইটিআই কোকৰাঝাৰ,

৩। আইটিআই গড়গাঁও,

৪। আইটিআই গোৱালপাৰা,

৫।আইটিআই গুৱাহাটী,

৬। আইটিআই ডিব্রুগড়

৭। আইটিআই তেজপুৰ,

৮। আইটিআই তিনিচুকীয়া,

৯। আইটিআই দক্ষিণ শালমাৰা,

১০। আইটিআই নগাঁও,

১১।আইটিআই বঙাইগাঁও,

১২। আইটিআই বৰপেটা,

১৩। আইটিআই যোৰহাট ,

১৪। আইটিআই শিলচৰ,

১৫। আইটিআই ধনশিৰি,

১৬। আইটিআই ধেমাজি,

১৭।আইটিআই নলবাৰী,

১৮। আইটিআই ভেৰগাঁও,

১৯ । আইটিআই মৰিগাঁও,

২০।আইটিআই হাইলাকান্দি,

২১। আইটিআই মাজুলী,

২২।আইটিআই ডিফু,

২৩। আইটিআই হাফলং ।

মহিলাৰ বাবে সংৰক্ষিত আইটিআইকেইখন হ’ল:

১। আইটিআই শিলচৰ ,

২। আইটিআই গুৱাহাটী,

৩। আইটিআই তিনিচুকীয়া,

৪। আইটিআই মাজবাট,

৫।আইটিআই উত্তৰ লখিমপুৰ।

পলিটেকনিক:

পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। পলিটেকনিক এডমিছন টেষ্ট [Polytechnic Admission Test (PAT)] নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে। এই পৰীক্ষাত বহিবৰ বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত ন্যূনতম ৪০ শতাংশ , অনসূচিত জাতি প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আবেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল www.dteassam.in। এই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ ১০০ থাকে আৰু প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ ।

অসমত থকা পলিটেকনিককেইখন হ’ল :

১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী

২।গাৰ্লছ পলিটেকনিক, গুৱাহাটী

৩।বঙাইগাঁও পলিটেকনিক,

৪।শিলচৰ পলিটেকনিক,

৫। নগাঁও পলিটেকনিক,

৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট

৭। ডিব্রুগড় পলিটেকনিক

৮। গাৰ্লছ পলিটেকনিক, গোলাঘাট

৯।অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী

১০। ডিফু পলিটেকনিক , ডিফু ।

২০১৭-১৮ শিক্ষাবৰ্ষৰপৰা নতুনকৈ আৰম্ভ হ’বলগীয়া পলিটেকনিককেইখন হ’ল –

১। বাক্সা পলিটেকনিক,

২।বৰপেটা পলিটেকনিক,

৩। ধেমাজি পলিটেকনিক,

৪। কৰিমগঞ্জ পলিটেকনিক,

৫। লখিমপুৰ পলিটেকনিক,

৬। গোলাঘাট পলিটেকনিক,

৭। গোৱালপাৰা পলিটেকনিক,

৮। নলবাৰী পলিটেকনিক,

৯। কামৰূপ পলিটেকনিক,

১০। শিৱসাগৰ পলিটেকনিক,

১১। শোণিতপুৰ পলিটেকনিক ।

পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : এগ্রিকালচাৰ , চিভিল, মেকানিকেল, কেমিকেল, ইলেকট্রিকেল ,ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি, এগ্রিকালছাৰ , আৰ্কিটেক্ট এছিষ্টণ্ট আদি ।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি:

সাধাৰণ স্নাতক পাঠ্যক্রম , মেজৰসহ [ যেনে-সমাজশাস্তৰ , অৰ্থনীতি , সাহিত্য ( ইংৰাজী,অসমীয়া,হিন্দী, বঙালী ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী,ৰাজনীতি বিজ্ঞান, শিক্ষা, পৰ্যটন , পৰিৱেশ কলা, নৃতত্ত্ব বিজ্ঞান,আইন ইত্যাদি )] স্নাতক পাঠ্যক্রম ।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. এ.) আৰু পি.এইচ.ডি. ।

কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে কেৰিয়াৰ গঢ়িব পাৰে।

কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন.ডি.এ.)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে। যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ. পি. এছ. চি.ৰ অধীনত অনুষ্ঠিত এন.ডি.এ.পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে।

যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ,দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক কলা(এপ্লাইড আৰ্ট),ফেশ্বন ডিজাইন,অলংকাৰ সজ্জা(জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত, নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে,  তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রম (বি এফ এ)ত নামভৰ্তি কৰিব পাৰে।

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে,তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি:

সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ (যেনে-ইঞ্চিউৰেন্স, কম্পিউটাৰ ,বৈদেশিক বাণিজ্য , বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং আৰু বিত্ত , ই-বাণিজ্য,অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি ) স্নাতক পাঠ্যক্রম ।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম কম) আৰু পি-এইচ ডি।

বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ পৰীক্ষা,কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

চি এ (চাৰ্টাৰ্ড একাউণ্টেণ্সি): ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেণ্সিৰ শিক্ষা আগবঢ়ায়।

কষ্ট একাউণ্টেণ্ট : ‘ইনষ্টিটিউট অব্ কষ্ট এণ্ড ৱৰ্কছ একাউনটেণ্টছ অব্ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।

কোম্পানী ছেক্রেটাৰী : ‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অব্ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি :

সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ (যেনে- পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , গণিত,অৰ্থবিজ্ঞান ,জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি) স্নাতক পাঠ্যক্রম ।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম এচ ছি) আৰু পি-এইচ ডি।

বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি চি এ, বি বি এ, বি টেক/বি ই, বি আৰ্ক, এম বি বি এছ, বি ফাৰ্ম , বি এছ-চি, নাৰ্ছিং, আয়ুৰ্বেদিক, হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসা, কৃষি , মীন, গাৰ্হস্থ্যবিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাসকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology,Medical Radiographic Technology , Cardiac Care Technology, Physiotherapy, ICU Technology,Physicians Assistance Course ,Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy), Dialysis Technician Course )ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে। ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।

বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতকসকলে আবেদন কৰিব পাৰে ।

ছাত্র-ছাত্রীসকলে যি কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয়(www.education.nic.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in ), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org), দূৰ শিক্ষা পৰিষদ (www.dec.ac.in), ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org), ভাৰতীয় বাৰ পৰিষদ (www.barcouncilofindia.org) আদি। শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰি যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব। তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত। সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ, নামভৰ্ত্তিৰ প্রক্রিয়া, পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ’ল- শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয়, শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান, ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি। লগতে প্রাক্তন ছাত্র-ছাত্রীৰ সংগঠন (Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয়।

(লেখক গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব্ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক, ফোন: ০৯৪৩৫১-৮৮৬৩০, ই-মেইল: buljit@gmail.com। কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফোন (৯৪৩৫১৮৮৬৩০) কৰিব পাৰে।)

Related Articles

Leave a Reply

Close