শেহতীয়া
Home / সমীক্ষা / প্ৰথম খবৰৰ জনপ্ৰিয় এংকৰৰ সমীক্ষা, কোনে পালে শীৰ্ষ স্থান?

প্ৰথম খবৰৰ জনপ্ৰিয় এংকৰৰ সমীক্ষা, কোনে পালে শীৰ্ষ স্থান?

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰথম খবৰৰ জনপ্ৰিয় এংকৰৰ সমীক্ষাত প্ৰথম স্থানত আছাম টকছৰ সাংবাদিক ঋতুস্মিন শৰ্মা।ঋতুস্মিন শৰ্মাই লাভ কৰিছে ১৬.৮ শতাংশ  ভোট (৪৪৯)। আনহাতে সমীক্ষাৰ দ্বিতীয় স্থানত আছে অনুপম চক্ৰৱৰ্তী। মাত্ৰ এটা ভোটৰ ব্যৱধানত তৃতীয় স্থানত আছে নিউজ লাইভৰ বাৰ্তা সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈ। দুয়োগৰাকীয়ে লাভ কৰিছে ১৫.৩ শতাংশকৈ ভোট। সংখ্যাৰ হিচাপত অনুপম চক্ৰৱৰ্তীয়ে ৪০৯টা ভোট লাভ কৰাৰ বিপৰীতে নন্দন প্ৰতিম শৰ্মা বৰদলৈক ৪০৮জনে ভোট প্ৰদান কৰিছে।

ইয়াৰ বিপৰীতে এই সমীক্ষাৰ পৰৱৰ্তী স্থানত আছে চক্ৰপাণি পৰাশৰ (২৭১টা ভোট, ১০.২ শতাংশ),  ছায়ামণি ভূঞা (১৮৩টা ভোট, ৬.৯ শতাংশ), দীপক শৰ্মা (১৫৭টা ভোট, ৫.৯ শতাংশ), কুমুদ দাস (১৪১টা ভোট, ৫.৩ শতাংশ), ৰাজদ্বীপ বাইলুং বৰুৱা (১২৯টা ভোট, ৪.৮ শতাংশ),  নিপ কুমাৰ বৰুৱা (৮০টা ভোট, ৩ শতাংশ), স্নিগ্ধাশিখা (৬৪টা ভোট, ২.৪ শতাংশ), ৰশ্মিতা গোস্বামী (৪৭টা ভোট, ১.৮ শতাংশ), প্ৰাণজিত শইকীয়া (৪৫টা ভোট, ১.৭ শতাংশ), সুনীল বৰা (৪০টা ভোট, ১.৫ শতাংশ), প্ৰণয় বৰদলৈ (৩১টা ভোট, ১.২ শতাংশ), ধ্ৰুৱ মহন্ত (২৮টা ভোট, ১.১ শতাংশ), শোণিত ভূঞা (২৩টা ভোট, ০.৯ শতাংশ), দেৱজিত ভূঞা (১৯টা ভোট, ০.৭ শতাংশ) আৰু প্ৰাঞ্জল ফুকন (১১টা ভোট, ০.৪ শতাংশ)।

২,৬৬৫ জনে এই সমীক্ষাত নিজৰ পছন্দৰ এংকৰক নিৰ্বাচন কৰিছে। ইয়াৰে ১৩০জনে অন্যান্য শিতানত নিজৰ পছন্দৰ নাম প্ৰস্তাৱ কৰিছে।প্ৰস্তাৱিত নামসমূহৰ ভিতৰত আছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, আছাম টকছৰ মুখ্য সম্পাদক অতনু ভূঞা আৰু নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনৰ নামো। নাম প্ৰস্তাৱ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীৰ নামো। এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ এই তালিকাৰ মুখ্য সম্পাদকসকলৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই, গতিকে সেইসমূহ ভোট গ্ৰহণ কৰা নহ’ল। আনহাতে তালিকাভুক্ত নামসমূহ যিসকলে পুনৰ অন্যান্য শিতানত পুনৰ প্ৰস্তাৱ কৰিছে সেইসমূহ ভোটো গ্ৰহণ কৰা হোৱা নাই।

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *

*