আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

প্ৰথম বাজেটতে জোকাৰণি, পাকিস্তানক সাহায্য নিদিয়ে ট্ৰাম্পে

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পাকিস্তানক দিয়া সাহায্য কৰ্তন কৰিব ট্ৰাম্পে। হোৱাইট হাউছৰ এক সূত্ৰই স্পষ্ট কৰিছে এই তথ্য। পাকিস্তানক আমেৰিকাৰ ফালৰপৰা অস্ত্ৰ ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য দিয়া বন্ধ কৰিবলৈ প্ৰস্তাৱ দিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ বৈদেশিক মন্ত্ৰণালয়ক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। মাৰ্কিন বাজেটত বৈদেশিক সাহায্যৰ নামত ব্যয় সংকোচন কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে। এই বাতৰিয়ে স্বাভাৱিকতে পাকিস্তানক চিন্তিত কৰি তুলিছে। এইখিনিতে উল্লেখ কৰিবই লাগিব যে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই সিদ্ধান্ত মাথোঁ পাকিস্তানৰ বাবেই নহয়।পাকিস্তানৰ সমান্তৰালভাৱে কেইবাখনো দেশৰ বাবে এই সিদ্ধান্ত হোৱাইট হাউছৰ। যিমান দেশলৈ আমেৰিকাই সামৰিক খণ্ডত বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে, সেই সকলোবোৰ দেশলৈ সাহায্যৰ পৰিৱৰ্তে ঋণৰ পোষকতা কৰা হৈছে। এইসমূহ দেশক বিত্তীয় অনুদান প্ৰদান কৰা হ’ব নে ঋণ দিয়া হ’ব সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত বৈদেশিক মন্ত্ৰণালয়ে গ্ৰহণ কৰিব। উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত এয়াই হৈছে ট্ৰাম্পৰ প্ৰথম বাজেট।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close