অসমশীৰ্ষ

অনশনস্থলীতে অসুস্থ হৈ পৰিল বিধায়ক ৰূপজ্যোতি কুৰ্মী

প্ৰথম খবৰ,মৰিয়নি: মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মিৰ অনশনৰ ৩৬ ঘন্টাৰ পাছত হঠাৎ স্বাস্থ্যৰ অৱনতি। উচ্চপদস্থ চিকিৎসক দলৰ নিৰীক্ষণত থকা মৰিয়নিৰ বিধায়ক গৰাকীক লৈ জিলা প্ৰশাসনৰ তৎপৰতা ৷ ততাতৈয়াকৈ JMCH  লৈ প্ৰেৰণ ৷ অসম নাগালেণ্ড সীমা সমস্যা সমধান আৰু NSCN ৰ লগত কেন্দ্ৰীয় চৰকাৰে হোৱা শান্তিচুক্তি ৰাজহুৱা কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অনশনত বহিছিল মৰিয়নি বিধায়ক ৰূপজ্যোতি কুর্মী। যোৱা নিশা অনশনথলীত বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হয়। ৰূপজ্যোতিৰ অনশনক পূৰ্ণ সমৰ্থন আগবঢ়াই চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে NSCN ৰ লগত কেন্দ্ৰীয় চৰকাৰ শান্তি চুক্তি ৰাজহুৱা কৰিবৰ দাবী জনায়। অন্যহাতে বিধায়কৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি যুটীয়া স্বাস্থ্য সঞ্চালকৰ নেতৃত্বত এটা দলে অহৰহ ৰূপজ্যোতিৰ স্বাস্থ্যৰ বুজলৈ আছিল। অনশনৰ ৩৬ ঘণ্টাৰ পাছত হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটে বিধায়ক গৰাকীৰ। ততাতৈয়াকৈ জিলা প্ৰশাসনৰ তৎপৰতা ১০৮ সেৱাৰ যোগেদি বিধায়ক গৰাকীক JMCH লৈ প্ৰেৰণ কৰে। বিধায়ক গৰাকী চিকিৎসালয়লৈ যোৱাৰ আগমূৰ্হুত জানিব দিয়ে, যদিও তেওঁ চিকিৎসাসেৱা গ্ৰহণ কৰিছে  তথাপি তেওঁ দাবী পূৰণ নোহোৱা পৰ্যন্ত অনশন অব্যাহত ৰাখিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close