
প্ৰথম খবৰ, বোকাখাত: এজনী ১৩ বছৰীয়া অনাথ কিশোৰী। নাম মীনা ঘাটোৱাৰ। ঘৰ বোকাখাত মহকুমাৰ মহুৰামুখৰ বামুন চুকত। ৭ বছৰৰ পূৰ্বে ভোকৰ তাৰণাত বিষাক্ত কাঠফুলা খাই মৃত্যুক আকোৱালি লৈছিল মীনাৰ মাতৃকে ধৰি দুজন ককায়েক আৰু দুজনী বায়েকে। মীনাৰ পিতৃয়ে পুনৰ বিবাহপাশত আৱদ্ধ হ’ল। মীনাই পেটৰ তাৰণাত গোলাঘাটৰ কোনো সম্ভ্ৰান্ত লোকৰ ঘৰত বনকৰা ছোৱালী হৈ পেটৰ ভাত মুকলাইছিল। দুবছৰৰ পূৰ্বে মীনা পুনৰ ঘুৰি আহিল মহুৰামুখলৈ। মহুৰামুখত পুনৰ আৰম্ভ হ’ল মীনাৰ জীৱন সংগ্ৰাম। মাহীমাক বেমাৰত মৃত্যু হোৱাৰ পাছত ২ বছৰৰ আগত পিতৃয়ে ইহলীলা সম্বৰণ কৰে। গাঁৱৰ আৰে তাৰে ঘৰত কামবন কৰি কামবন কৰি ভাত মুকলি কৰিলে মীনাই। একসপ্তাহৰ পূৰ্বে চোতালত পিছলি পৰি সোঁ ভৰিত আঘাত পায়। অসহায় মীনাই নিজে বান্ধৱীৰ লগত আহি বোকাখাত কমলামিৰি চৰকাৰী চিকিৎসালয়ত ভৰ্তি হয়। কেও কিছু নথকা মিনাক চিকিৎসালয়ৰ আন ৰোগীৰ আত্মীয়ই নিজৰ ভাগৰ আহাৰ প্ৰদান কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে। আনহাতে বোকাখাতৰ অন্যতম NGO “পথ”ৰ বিষয় ববীয়াই মীনাৰ চিকিৎসাত খৰছ বহনৰ বাবে আগবাঢ়ি আহিছে।