অসম

অন্ত পৰিল মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনিৰ্দিষ্টকালীন অনশন

প্রথম খবৰ,মৰিয়নি: অসম নাগালেণ্ড সীমা সমস্যা সমাধান আৰু NSCN ৰ লগত হোৱা শান্তিচুক্তি ৰাজহুৱা কৰাৰ দাবীত যোৱা ২৪ জুনৰ পৰা অনশনত বহিছিল মৰিয়নি বিধায়ক ৰূপজ্যোতি কুর্মী। অনশনৰ ৩৬ ঘন্টাৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি কৰাইছিল যদিও বিধায়ক গৰাকীয়ে অনশন চলাই গৈছিল। অনশনস্থলীৰ পৰা ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰৰ সহাৰি লাভ নকৰালৈকে অনশন অব্যাহত ৰাখিছিল। আজি মঙ্গলবাৰে বিধায়ক গৰাকীয়ে প্ৰেৰণ কৰা স্মাৰক পত্ৰৰ সঁহাৰি পাই ৮০ঘন্টাৰ অন্তত অনশন ভঙ্গ কৰে। প্ৰাক্তন সাংসদ দ্বীপ গগৈৰ হাতে পানী খাই ৰূপজ্যোতিয়ে অনশন ভঙ্গ কৰে।

Related Articles

Leave a Reply

Close