অসমশীৰ্ষ

অভয়াপুৰীৰ এটি আঘাতপ্ৰাপ্ত কুকুৰ আৰু পৰিৱেশকৰ্মী মেনকা গান্ধী

প্ৰথম খবৰ,অভয়াপুৰী: অভয়াপুৰী আৰক্ষী চকীত নিশা এক ব্যস্ততাময় পৰিৱেশ ৷ এটি আঘাতপ্ৰাপ্ত কুকুৰক লৈ সকলো ব্যস্ত ৷ গুৱাহাটীৰ পৰা অভয়াপুৰী পালে “পিপলছ ফ’ৰ এনিমেল”ৰ কৰ্মকৰ্তা ৷ আঘাতপ্ৰাপ্ত কুকুৰটোক চিকিৎসা সেৱা আগবঢ়াই নিজৰ জিম্মাত ল’লে “পিপলছ ফ’ৰ এনিমেল” নামৰ সংগঠনটোৱে ৷ জানিবপৰা মতে অভয়াপুৰীৰ দেওঁহাটি ৰেল ষ্টেচনৰ সমীপত ভৰিত আঘাতপ্ৰাপ্ত এটি কুকুৰ ৷ কেইজনমান যুৱকে কুকুৰটোক দেখা পাই “পিপলছ ফ’ৰ এনিমেল” নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ দিল্লীস্থ হেপ্ল লাইন নম্বৰত ফোন কৰে ৷ আৰু তাৰ পিছতেই দিল্লীৰ পৰা কুকুৰটোক উদ্ধাৰৰ বাবে অভয়াপুৰী আৰক্ষীলৈ ফোন ভাৰতৰ আগশাৰীৰ পৰিৱেশ সুৰক্ষা কৰ্মী মেনকা গান্ধীৰ ৷ আৰু তাৰপিছতেই উদ্ধাৰ কৰা হয় আঘাতপ্ৰাপ্ত কুকুৰটো ৷ মংগলবাৰে নিশা মেনকা গান্ধীৰ নিৰ্দেশমতে গুৱাহাটীৰ পৰা “পিপলছ ফ’ৰ এনিমেল”ৰ কৰ্মকৰ্তা আহি কুকুৰটোক চিকিৎসা সেৱা আগবঢ়ায় আৰু নিজৰ জিম্মাত লৈ গুৱাহাটীলৈ লৈ যায় ৷ এটি সাধাৰণ কুকুৰৰ বাবে মেনকা গান্ধীয়ে যি পদক্ষেপ ল’লে তাক অভয়াপুৰীবাসীয়ে আদৰণি জনাইছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close