অসম

অভয়াপুৰীৰ সিদলসতীত পাৰিবাৰিক বিবাদৰ পৰিণতি, জ্বলাই দিলে ঘৰ

প্ৰথম খবৰ, অভয়াপুৰী: পাৰিবাৰিক বিবাদৰ পৰিণতি ৷ জ্বলাই দিলে ঘৰ ৷ এই ঘটনা উত্তৰ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং ঝাৰাগুৰীত ৷ আব্দুল মতিন শ্বেখৰ বাসগৃহত নিশা অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তৰ দল এটাই অগ্নিসংযোগ কৰে । অগ্নিসংযোগৰ ফলত লোকজনৰ তিনিটা বাসগৃহ সম্পূৰ্ণ জুইত ভস্মিভূত হোৱাৰ উপৰিও কেইবাটাও পশুধন অগ্নিদগ্ধ হয়। অভিযোগ অনুসৰি, উক্ত অঞ্চলৰে জনৈক জালান নামৰ লোকজনে সংঘটিত কৰিছে উক্ত দুষ্কাৰ্য। জালান নামৰ লোকজনৰ সৈতে আব্দুল মতিনৰ চলি থকা বিবাদৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালৰ লোক তথা স্থানীয় একাংশ লোকে দাবী কৰে । ঘটনাৰ সৈতে জড়িত ব্যক্তিক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close