শীৰ্ষসাক্ষাৎকাৰ

অসমীয়া মাধ্যমৰ প্ৰতি অনিহাই সামগ্ৰিকভাৱে সাহিত্য-সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাইছে: পৱিত্ৰ মাৰ্ঘেৰিটা

জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে প্ৰথম খবৰৰ সাক্ষাৎকাৰ। প্ৰথম খবৰৰ হৈ বৰ্ষাজ্যোতি দাস আৰু জোনমণি দাসে গ্ৰহণ কৰা সাক্ষাতত পৱিত্ৰ মাৰ্ঘেৰিটাই ক’লে কিয় নচলে অসমীয়া চলচ্চিত্ৰ, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্থানৰ বাবে কি কৰিব তেওঁ।

আপোনাৰ জন্ম ক’ত হৈছিল?

মোৰ জন্ম অসমৰ মাৰ্ঘেৰিটাত, ১৯৭৪ চনৰ ৩১ অক্টোবৰত।

আপোনাৰ শিক্ষা জীৱন ক’ত, কেনেকৈ আৰম্ভ হ’ল?

মোৰ শিক্ষা জীৱনৰ আৰম্ভণি হয় মাৰ্ঘেৰিটাত। তাৰ পিছত যোৰহাট জে বি কলেজ। তাৰ পিছত ডিপ্ল’মা কৰিছোঁ আছাম টেক্সটাইল ইন্সটিটিউটত। তিনি বছৰীয়া ডিপ্ল’মা।

অসমৰ সাংস্কৃতিক জগতখনৰ লগত কেতিয়াৰপৰা জড়িত হৈ পৰিল?

অসমৰ প্ৰায়বিলাক ল’ৰা-ছোৱালীয়ে যিদৰে সৰুৰেপৰাই স্কুলত, গাঁৱৰ ভাওনাত বা নামঘৰৰ ভাওনা বা স্কুলৰ আকস্মিক বক্তৃতা, গানৰ প্ৰতিযোগিতা এইবিলাকত যেনেকৈ স্বাভাৱিকভাৱে জড়িত হৈ পৰে, সৰুৰে পৰাই থিক তেনেদৰে ময়ো জড়িত হৈ পৰিছিলো। কিন্তু পেছাদাৰী ক্ষেত্ৰখনত বন্ধু জুবিন গাৰ্গৰ সৈতে ১৯৯৪ চনৰপৰা জড়িত হৈ পৰিলোঁ। তেতিয়া মোৰ বয়স আছিল মাত্ৰ ২০ বছৰ। আৰু তেনেকৈয়ে মই পেছাদাৰী জগতখনৰ লগত জড়িত হৈ পৰিলোঁ।

আপুনি অভিনয়ৰ ক্ষেত্ৰত কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নেকি?

প্ৰথমতে মই অভিনেতা নহয়েই। অৱশ্যে চেগা-চোৰোকাকৈ দুই-এখন ছবিত, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মন যায় ছবিখনত অভিনয় কৰিছোঁ। তাৰ পিছত বহুকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছোঁ। আচলতে যদিও শিকা নাই, কিছুমান ভাল নাটক চাই বা চিনেমা চাই যিখিনি সকলোৱে শিকে, ময়ো তেনেকৈয়ে শিকোঁ। ইয়াৰ বাবে মোৰ আনুষ্ঠানিক শিক্ষা নাই।

সাংস্কৃতিক ক্ষেত্ৰখনত মহিলাসকলে বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় বুলি অভিযোগ শুনো বা উপযুক্তসকলে স্থান নাপায় বুলিও অভিযোগ উত্থাপিত হয়। কথাষাৰ কিমানদূৰ সঁচা?

তেনেধৰণৰ অভিযোগ বা তেনেধৰণৰ কথা পৃথিৱীৰ প্ৰতিটো পেছাদাৰী-অপেছাদাৰী ক্ষেত্ৰতে আছে। কিন্তু সাংস্কৃতিক জগতত যিহেতু সকলো সময়তে শুভাকাংক্ষীসকলৰ বা জনসাধাৰণৰ সকলো সময়তে দৃষ্টিত থাকে, গতিকে এই কথাখিনি গ্লেমাৰাছ মানুহৰ কথা। গ্লেমাৰাছ চমক থকা পৃথিৱীখনৰ কথা পাতি ভালপায়। এক লাখ ঘটনাৰ ভিতৰত এটা ওলালেও বেছি আলোচনা হয়। এনেধৰণৰ ঘটনা খেতিপথাৰতো হয় বা অন্যান্য বেলেগ ক্ষেত্ৰতো হয়। অসমত মই ব্যৱহাৰিকভাৱে বিগত ২৫ বছৰ ধৰি এই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছোঁ। কিন্তু মই আজিলৈকে দেখা নাই। মই শুনিছোঁহে যে, জয়মতীৰ সময়ত আইদেউ সন্দিকৈক সামাজিক বহু কাৰণত অত্যাচাৰ কৰিছিল। তাৰ পিছত মই যিমানখিনি দেখিছোঁ বা যিখিনি শিল্পীক লগ পাইছোঁ, কনিষ্ঠ শিল্পীক লগ পাইছোঁ বা মোৰ পৰিবাৰো এগৰাকী অভিনেত্ৰী। মোৰ ভণ্টীৰ দৰে বহু ছোৱালীয়ে, যিয়ে আগবাঢ়ি আহিছে কাৰো মুখত মই শুনা নাই অসুবিধা হৈছে বুলি। ভাল অভিনয় কৰিলে, ভাল গান গালে, পাৰদৰ্শী হ’লে ইয়াত সমাদৰ পাবই। ইয়াক কোনেও ঢাকি ৰাখিব নোৱাৰে বা জোৰ কৰি সাংস্কৃতিক জগতখনৰ পৰা আঁতৰাই আনিব নোৱাৰে।

পৱিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে জোনমণি দাস আৰু বৰ্ষাজ্যোতি দাস।

অসমৰ ভ্ৰাম্যমাণ জগতৰ চাহিদা বহুত বেছি। এইক্ষেত্ৰত আপুনি ভ্ৰাম্যমাণ আৰু বোলছবি জগতৰ কোনটোক আপুনি বেছি প্ৰাধান্য দিয়ে বা কোনটোক ভাল বুলি ভাবে?

ভ্ৰাম্যমাণ থিয়েটাৰ হ’ল অভিনয় জড়িত কথা আৰু চিনেমাও অভিনয় জড়িত কথা। দুয়োটাই অভিনয়। এতিয়া অভিনয় আচলতে দুয়োটা ক্ষেত্ৰতে অভিনেতাসকলে ভালপায়। কলা-কুশলীসকলে ভালপায়। এতিয়া অসমত চলচ্চিত্ৰৰ কিছু নেতিবাচক দিশৰ বাবে বিভিন্ন ধৰণৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু বহু ধৰণৰ কাৰণত সামূহিকভাৱে অসমীয়া চলচ্চিত্ৰ কিছু দুৰ্দশাগ্ৰস্ত হৈছে। কিন্তু সেইটো বৰ্তমান উঠি আহিছে। ভ্ৰাম্যমাণত দৰ্শকৰ সংখ্যা বেছি আৰু পদূলিলৈ যায়। গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে ঘূৰে। তাৰ বাবে স্বাভাৱিকভাৱে দৰ্শক বেছি হ’ব। আমাৰ চিনেমা কম। কিন্তু আচলতে তুলনা কৰিব নোৱাৰি। তুলনা  কৰিব নোৱাৰি এইকাৰণেই যে, আহাৰ হিচাৰে ৰুটী ভাল নে চাউল ভাল সেই কথাটোৰ দৰে। আহাৰ আহাৰেই। কাৰোবাৰ বাবে ৰুটী প্ৰিয়, কাৰোবাৰ বাবে ভাত প্ৰিয়।

বৰ্তমান যুৱ প্ৰজন্মৰ মাজত অসমীয়া ছবিৰ চাহিদা কমি গৈছে নেকি?

সেইটোওটো ক’বই লাগিব। মই নকওঁ যে আগৰ দৰেই আছে।  কিছু কমিছে। তাৰ বহু কাৰণ আছে। তাৰ ভিতৰত মই মোৰ দৃষ্টিত কওঁ সকলোৰে দৃষ্টিত ইয়াৰ প্ৰায়’ৰিটী নাথাকিব পাৰে। এতিয়া আমাৰ যিহেতু গোলকীকৰণ হৈছে। আমি ৰিলিজ হোৱাৰ দিনাখনেই বাহুবলী চাওঁ, ৰিলিজ হোৱাৰ দিনাখনেই আমি হলীউডৰ চিনেমাখন চাবলৈ পাওঁ। ইণ্টাৰনেটত আমি জাপানীজ চিনেমা এখন, ইটালীয়ান এখন বা কোৰিয়ান চিনেমা এখন চাবলৈ পাওঁ, আৰু সেইবিলাক হ’ল গোটেই বিশ্ব ব্যাপ্ত বজাৰত থকা ইংৰাজী চিনেমা বা তামিল-তেলেগু বা হিন্দী চিনেমা ইত্যাদি। যদি বাহুবলীৰ বাজেটৰ কথা কওঁ, সেই বাজেটত নিৰ্মিত চিনেমা এখনৰ লগত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাত্ৰ এক কোটি বা ডেৰ কোটি অসমীয়া চিনেমা চোৱা মানুহৰ যি ব্যৱসায়, যিখন ছবি নিৰ্মাণ হ’ব খুব বেছি ৬০ লাখ বা ৭০ লাখ টকা। এক কোটি টকা খৰচ কৰি সেই ছবিখনৰ কাৰিকৰী কৌশল, কিছু আধুনিক প্ৰযুক্তি সম্পন্ন চিন্তা-চৰ্চা প্ৰতিফলিত নহ’বও পাৰে। সেইটোও এটা কাৰণ। গতিকে আজিকালিৰ ল’ৰা-ছোৱালীয়ে বা দৰ্শকে সেইবোৰ তুলনা কৰে কিছু। সকলোৱেই কৰে, কাৰণ। নিজৰ ঘৰ উৰুখা  পঁজা হ’লেও নিজৰ ঘৰৰ প্ৰতি সকলোৰে মৰম থাকে। সেইসকলে কিন্তু অসমীয়া চিনেমা জীয়াই ৰাখিছে। এতিয়া বেলেগৰ অট্টালিকা দেখি নিজৰ ঘৰটোক বেয়া বুলি ক’ব নোৱাৰি। নিজৰ ঘৰটোলৈতো উভতি আহেই মানুহ। তেনেদৰেই নিজৰ ছবি সদায় নিজৰ ছবি। আৰু বহু কথা আছে। মই সকলো মানুহক নতুনকৈ কওঁ, মই প্ৰথম কোৱা আৰম্ভ কৰিছোঁ যে আমাৰ শিক্ষাৰ মাধ্যমটো ইংৰাজী, মাধ্যমটো অসমীয়া নোহোৱাৰ বাবে তেওঁলোকে সাংস্কৃতিকভাৱে আঁতৰি আহে। তেওঁলোকে ৰীতা চৌধুৰী বা ৰীতা চৌধুৰীৰ কিতাপখনক নাজানে। তেওঁলোকে অসমীয়া প্ৰতিদিন কাকত বা আমাৰ অসম, সাতসৰী নন্দিনীৰ পাত লুটিয়াই নাচায়। গতিকে শিক্ষাৰ মাধ্যমটোৱেও কিন্তু এজন ভাল পাঠক নাইকিয়া কৰিছে, ভাল দৰ্শক নাইকিয়া কৰিছে। অসমীয়া ভাষা-সংস্কৃতিৰ ভাল সাধক নাইকিয়া কৰিছে। শিক্ষাৰ মাধ্যমটো অতি গুৰুত্বপূৰ্ণ বিষয়।

আপুনি ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগতো জড়িত। কিবা বিশেষ কাৰণত জড়িত হৈ পৰিল  নে এই ক্ষেত্ৰখনলৈ অহাৰ আগতীয়া পৰিকল্পনা আছিল?

নহয় নহয়। ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগত প্ৰত্যেকজন ব্যক্তিয়েই জড়িত। মই ভাবো প্ৰত্যক্ষ বা পৰোক্ষভাৱে। ভোট দিয়া মানেইতো ৰাজনীতিৰ অংশ হৈ গ’ল। আমি যেতিয়া ভোটটো দিওঁ বা টিপচহী দিওঁ বা ষ্টাম্প মাৰোঁ বেলটত, তাৰ মানেই ৰাজনীতিৰ অংগ। ৰাজনীতিক আমি বাদ দি থাকিব নোৱাৰোঁ। ৰাজনীতিয়ে আমাৰ প্ৰতিৰক্ষা নিৰ্ণয় কৰিব, ৰাজনীতিয়ে আমাৰ অৰ্থনীতি নিৰ্ণয় কৰিব, ৰাজনীতিয়ে আমাৰ শিক্ষানীতি নিৰ্ণয় কৰিব। সকলো দিশ ৰাজনীতিয়েই কৰে। ৰাজনীতিত কৃষক, খেলুৱৈ, শিল্পী, শিক্ষক, কলা-কুশলী, ৰাজনীতি কৰিম বুলি কৰা মানুহ, অৰাজনৈতিক সকলো মানুহ থাকিব। মই ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শ বিশ্বাস কৰোঁ। সেইকাৰণেই আহিছোঁ।  কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মই সৰুৰেপৰা আকৰ্ষিত। ইয়াৰ মূল যিটো থিম, সেইটো পোনপটীয়াকৈ ভাৰতীয়, ভাৰতত জন্ম হোৱা এটা দৰ্শন। যেনেকৈ আজি কমিউনিষ্টৰ কথা ক’লে, সেই কমিউনিষ্টে কোনোদিনেই আকৰ্ষিত নকৰিলে মোক, কাৰণ কমিউনিজম বেলেগ পৰিৱেশত, হয়তো চীন, ৰাছিয়া, কিউবা এনেধৰণৰ দেশৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা মতবাদ বা এটা দৰ্শন। সেইটো নহয়, মই ভাৰতীয় এই হাজাৰ বছৰীয়া পৰম্পৰা, য’ত ভাৰতীয় দৰ্শন, ভাৰতীয় ইতিহাস, তাৰ ভেটিত যি গঢ়ি উঠিছে সেই ভাৰতীয় জনতা পাৰ্টীৰ যি দৰ্শন, সেই দৰ্শনত মই আকৃষ্ট।

বিজেপিত আনুষ্ঠানিকভাৱে যোগদানৰ সময়ত।

আপুনি ছবি পৰিচালনা কৰে, অভিনয় কৰিছে, ভৱিষ্যতলৈ আৰু তেনে ধৰণৰ পৰিকল্পনা আছে নেকি? যিহেতু বহুবছৰ আপোনাক আমি এই ৰূপত পোৱা নাই।

হয়। যোৱা তিনি-চাৰি বছৰ ৰাজনীতিৰ ক্ষেত্ৰখনত জড়িত হৈ আছোঁ। আৰু আচলতে যেনেকৈ খেতিয়ক এজনে চাৰি-পাঁচবছৰ খেতি নকৰিলে তেওঁ যে হালত ধৰিবলৈ পাহৰি যায় তেনেকুৱা কথা নহয়। মই চুটি ছবি নিৰ্মাণৰ লগতো জড়িত আছিলো। সংগীত প্ৰযোজকো আছিলো। অভিনয়-পৰিচালনাতো চেগা-চোৰোকাকৈ জড়িত আছিলো। সেইটো মূলতঃ মোৰ উপাৰ্জনৰ পথ। মোৰ জীৱন উছৰ্গাৰ পথ চলচ্চিত্ৰ, সংস্কৃতি ইত্যাদি। গতিকে মই ৰাজনৈতিক বা সমাজনীতিৰ কামখিনিৰ সমান্তৰালভাৱে কৰি যাম।

পিছৰ প্ৰজন্মই আপোনাক কোনটো  পৰিচয়েৰে মনত ৰখাটো আপুনি বিচাৰে? সাংস্কৃতিক ক্ষেত্ৰৰ পৰিচয়েৰে নে ৰাজনীতিবিদ হিচাপে?

মোক মনত ৰাখে নে নাৰাখে মই নাজানোঁ। মনত ৰাখিবলগীয়া যোগ্যতা আছে নে নাই মই নাজানোঁ। কিন্তু দুয়োটাই মোৰ প্ৰিয় সমান্তৰালভাৱে। তুলনা কৰিব নোৱাৰোঁ। সাংস্কৃতিক পটভূমিত আছোঁ কাৰণেই মই ৰাজনীতিত মোৰ পৰিচয় কিছু আহিছে বা এই প্ৰশ্নটো তুমি মাক বেছি ভালপোৱা নে দেউতাক বেছি ভালপোৱা তেনেধৰণৰ কথা। দুয়োজনৰে পৰিচয় মই কঢ়িয়াই লৈ ফুৰোঁ।

অসমীয়া চলচ্চিত্ৰৰ প্ৰতি অসমীয়া মানুহৰ দায়িত্ববোধ কমি গৈছে নেকি?

মাজতে বহু বেয়া হৈছিল। তাৰ পিছত আকৌ ভাল হৈছে। আচলতে গোটেই অসমবাসী ৰাইজক সমালোচনা কৰাৰ ধৃষ্টতা মোৰ নাই। সকলো পক্ষৰে দোষ আছে। গোটেই পৰিৱেশ  আৰু গোটেই ছিষ্টেমটোৱে ইয়াৰ বাবে দায়ী। মই কৈছোঁৱেই শিক্ষাৰ মাধ্যম বেলেগ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ অসমীয়া ভাষা, অসমীয়া আখৰকেইটাৰ প্ৰতি মৰম নাই। এতিয়া শংকৰদেৱ শব্দটো যদি ‘সংকৰ’ লিখে তেতিয়াও ইংৰাজী বা বেলেগ মাধ্যমবোৰৰ বাবে একো নাই। কিন্তু অসমীয়া মাধ্যমৰ ল’ৰা-ছোৱালীবোৰ সচেতন। অসমীয়া মাধ্যমৰ ল’ৰা-ছোৱালী সংস্কৃতিৰ প্ৰতি, ভাষাৰ প্ৰতি বেয়া হ’লেও অপ্ৰিয় সত্য মাতৃভাষাত পঢ়া মানুহখিনিৰহে আচলতে দায়বদ্ধতা বেছি। আৰু সংখ্যা কমি গৈছে। আমি হেৰুৱাই পেলাইছোঁ মানুহ। আৰু অকল সেইবিলাক কাৰণতে নহয়, আমাৰ গুণগত মানটোও চাব লাগিব। কম বাজেটতো ভাল চিনেমা, ভাল গান নিৰ্মাণ কৰিব পাৰি। এতিয়া ইমান নিম্নৰুচীৰ গান ওলাইছে, মই কেনেকৈ বাৰু অসমীয়া গান হ’ল বুলিয়েই মানুহক শুনিবলৈ কওঁ।  দুই-এখন মাজতে এনে গুণগত মান নাছিল,বেয়া চিনেমা নিৰ্মাণ হৈছে। মই কেনেকৈ ক’ম অসমীয়া হ’ল বুলিয়েই সেইখন ছবি চাবলৈ। গতিকে দুয়োপক্ষৰ কথা যে অসমীয়া চিনেমাৰ প্ৰতি মৰমো থাকিব লাগিব আৰু অসমীয়া ছবি নিৰ্মাতায়ো অসমীয়া ছবি এখন ভালকৈ নিৰ্মাণ কৰিব লাগিব।

জ্যোতি চিত্ৰবনক লৈ আপোনাৰ পৰিকল্পনা কি?

জ্যোতি চিত্ৰবনক লৈ অলেখ পৰিকল্পনা আছে। কিন্তু মই যেতিয়ালৈকে সেইবিলাকে সাৰ্থক ৰূপ নলয়, মই নকওঁ কাৰণ এটা নাম আছে। ৰাজনীতিকে কথা বেছি কয়, কাম হ’লে নকৰে। গতিকে জ্যোতি চিত্ৰবনক লৈ যিবোৰ পৰিকল্পনা আছে, সেইখিনি মই এতিয়া একো নকওঁ। যদি কিবা কৰিব পাৰোঁ, তেতিয়া ৰাইজে দেখিব। যদি কৰিব নোৱাৰো, তেতিয়া নেদেখে। কিন্তু এটা কথা ঠিক, জ্যোতি চিত্ৰবন আগৰ দৰেই বৰ্তমান সম্পূৰ্ণ স্বচ্ছ। সম্পূৰ্ণ ক্ষেত্ৰতে নিকা, সেইটো কথা মই এতিয়াই ক’ব পাৰোঁ আৰু জ্যোতি চিত্ৰবন আচলতে ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰপৰা নিপন গোস্বামীলৈকে, ৰাজনৈতিক বিজয়কৃষ্ণ সন্দিকৈৰপৰা কিৰিপ চলিহালৈকে, বহুকেইজন শীৰ্ষ আইএএছ বিষয়া আছিল, বহুত অভিজ্ঞ ব্যক্তি আছিল। মই নাজানোঁ মোক কি যোগ্যতাত ইয়াত দিয়া হৈছে। কিন্তু তেখেতসকলৰ যিটো লিগেচী, তেখেতসকলে যিখিনি কাম কৰি গৈছে, সেই ধাৰাতো মই অক্ষুণ্ণ ৰাখিব পাৰিলেই বহু কাম হৈ যাব। তাৰ ওপৰিঞ্চি চাও আৰু কি কৰিব পাৰোঁ। কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সদায়েই যিটো গতি তাক ত্বৰান্বিত কৰিব বিচাৰিছে, ভাল কৰিব বিচাৰিছে।

এখন ছবি নিৰ্মাণ কৰিবলৈ আনুষ্ঠানিক শিক্ষা কিমান দৰকাৰ?

আনুষ্ঠানিক শিক্ষাটো বেলেগ। আনুষ্ঠানিক শিক্ষা বুলি ক’লে মই পুণেৰ ফিল্ম এণ্ড টেলিভিশ্বন ইন্সটিটিউটত পঢ়িছোঁ। ইয়াত থকা জ্যোতি চিত্ৰবনে জন্ম দিয়া ডঃ ভূপেন হাজৰিকাৰ ৰিজিঅ’নেল গভৰ্ণমেণ্ট ইন্সটিটিউট অব্ ফিল্ম এণ্ড টেকন’ল’জি অব্ টেলিভিশ্বন, তাত পঢ়িছোঁ। সেইবিলাক হ’ল অনুষ্ঠান। অনুষ্ঠানত যি শিক্ষা দিয়া হয়, সেয়া হ’ল আনুষ্ঠানিক শিক্ষা। তেনেকুৱা শিক্ষা থাকিবই লাগিব বুলি কথা নাই। অভিজ্ঞ কোনো পৰিচালকৰ লগত, অভিজ্ঞ প্ৰযোজকৰ লগত যদি দীৰ্ঘদিন কাম কৰে, তিনিবছৰীয়া এছিষ্টেণ্ট ডাইৰেক্টৰ আছিল, পাঁচ বছৰীয়া কলা নিৰ্দেশনা কৰা পৰিৱেশত থাকি ব্যৱহাৰিকভাৱে শিকি যিবোৰ মানুহে ছবি নিৰ্মাণ কৰে, তেওঁলোকৰ ছবি যথেষ্ট ভাল হয়। প্ৰথমে যদি মোৰ পইচা আছে বুলি কোনোবা দুজনমান সহকাৰী লৈ ছবিখন নিৰ্মাণ কৰিলোঁ, তেতিয়াহ’লেতো ভাল নহ’বও পাৰে। এইটো কথা অকল অসমতেই নহয়, বহু ঠাইত আছে। আগতে সৃষ্টি কৰিবলৈ হ’লে মানুহে বহু পৰীক্ষা-নীৰিক্ষা কৰি কৰে। আজিকালি চিনেমাৰ প্ৰযোজকৰ সংখ্যা বাঢ়িছে। টকা থকা মানুহ আহি প্ৰযোজক হৈ গৈছে। এনে ধৰণৰ দোষে চুইছে বুলি বহুতেই কয়। কিন্তু মই ভাবো আনুষ্ঠানিক শিক্ষা নহ’লেও হ’ব। এই ধাৰাটোৰ প্ৰতি অগাধ শ্ৰদ্ধা থাকিব লাগিব। শিল্পৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব আৰু অভিজ্ঞ হ’লে বেছি ভাল হয়।

পৱিত্ৰ মাৰ্ঘেৰিটাৰ কণ্ঠটো এটা পৰিচয়। এটা ডিমাণ্ড আছে। তাৰ বাবে আপুনি ভয়ছ মড্যুলেচন কৰে নে এইটো জন্মগত বুলি ক’ব?

মই প্ৰায়েই এই প্ৰশ্নটোৰ মুখামুখি হওঁ। জুবিন গাৰ্গৰ আগৰ কেছেটবিলাকৰ পিছৰ মাতবিলাক মোৰ। আৰু নাম ক’ব নাপায়, বহু অভিনেতাৰ মই আগতে ভইছ দিওঁ বা দিব লগা হৈছিল পৰিস্থিতিত পৰি। আচলতে মোক যদি সোধা হয়, মোৰ কথা হ’ল কি মোৰ নিজৰ মাতৃভাষাই হওঁক বা হিন্দী ভাষাই হওঁক বা অন্যান্য যিকোনো ভাষাই হওঁক মই সম্পূৰ্ণ শুদ্ধকৈ ক’বলৈ চেষ্টা কৰোঁ। কাৰণ ভাষাৰ ব্যাকৰণ লাগে। ভাষাটো শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰোঁ। মোৰ মাত ভাল। পৃথিৱীৰ প্ৰতিজন মানুহৰেই মাত ভাল। প্ৰকৃতিয়ে প্ৰত্যেকজন মানুহৰ মাতটোৱেই ধুনীয়া কৰি দিছে। মোৰ মাৰ কাৰণে মোৰ মাত ভাল। তোমাৰ মাৰ কাৰণে তোমাৰ মাত ভাল। মাত্ৰ এটা কথা হ’ল কথা কওঁতে শিল্পৰ দিশত বহু ক্ষেত্ৰত দেখা যায় কৃত্ৰিম মাত-কথা কওঁতে অতি স্বাভাৱিকভাৱে ক’ব লাগিব। যিটো ভাষা কৈছে সেই ভাষাটোৰ প্ৰতি শ্ৰদ্ধা জনাই শুদ্ধ উচ্চাৰণেৰে ক’ব লাগিব আৰু গোটেই কথাখিনিত শ্ৰোতাৰ প্ৰতি হৃদয়ৰপৰা মৰম আৰু শ্ৰদ্ধা ৰাখি ক’লে ভাল লাগি যায়। শ্ৰদ্ধা থাকিব লাগিব, মৰম থাকিব লাগিব। এই কথাটো প্ৰতিফলিত হয়। ষ্টাইলিছকৈ কোৱাৰ দৰকাৰ নাই। মৰম আৰু শ্ৰদ্ধা থাকিলে সকলোবোৰ মাতেই শুনিবলৈ ভাল লাগে।

অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে আপোনালোকে কি কৰিম বুলি ভাবিছে?

প্ৰচাৰ কনভেনচনেল পাব্লিচিটী। যিবিলাক মেটাৰ আছে, এটা ধৰি লোৱা হওঁক প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, চেটেলাইট চেনেল, টেলিভিশ্বন, তাৰ ওপৰিঞ্চি আজিকালি আছে টুইটাৰ-ফেচবুক বা ইণ্টাৰনেট, ম’বাইল ফোনৰ নতুন নতুন এপ্লিকেশ্যন হ’ব পাৰে। এইবিলাকৰ উপৰি পোষ্টাৰিং বেনাৰ এইবিলাক হ’ল পাব্লিচিটীৰ মাধ্যম। আমাৰ বাজেট কম কাৰণে আমাৰ আচলতে খুব বেছি জিলিকি উঠিব নোৱাৰে বা নুঠে। কিন্তু এতিয়া জ্যোতি চিত্ৰবনে চিনেমাবিলাকৰ প্ৰচাৰৰ ক্ষেত্ৰতো সহায় কৰিব। আমাৰ নিজাববীয়াকৈ ধৰি লোৱা হওক ১০০ খন হৰ্ডিং বনাই আমি ব্যৱসায় নকৰোঁ। আমি সহায় কৰিম। কম খৰচতে বেনাৰ উলিয়াব পাৰিব বা আমি ফেচবুকৰ জড়িয়তে নতুন প্লেটফৰ্ম ক্ৰিয়েট কৰিম। তেনেধৰণৰ আমাৰ বহুত পৰিকল্পনা আছে। চিনেমা প্ৰচাৰত সহায় কৰিবৰ কাৰণে কিন্তু ফলাফল নিৰ্ভৰ কৰিব দৰ্শকৰ ওপৰ আৰু ছবিখনৰ গুণগত মানৰ ওপৰত।

পৱিত্ৰ মাৰ্ঘেৰিটা বুলি ক’লে সকলোৰে পৰিচিত। ইয়াৰ বাবে আপুনি নিশ্চয়কৈ কষ্ট কৰিবলগীয়া হৈছে। এইখিনি পাবলৈ আপুনি কাৰোবাক অনুকৰণ কৰে নেকি? কাক কৃতজ্ঞতা জনাব?

মই আচলতে নিৰ্দিষ্ট এজন ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত নহয়। সহায় বহুতেই কৰিছে। মোৰ মা-দেউতাৰপৰা মোৰ বন্ধু জুবিন গাৰ্গলৈকে। আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰপৰা প্ৰমোদ কলিতালৈকে বহু মানুহৰ আশীৰ্বাদ-শুভেচ্ছা লাভ কৰিছোঁ। গতিকে তেওঁলোকৰ অবিহনেতো এইবিলাক নহয়েই। অনুপ্ৰেৰণা বুলি ক’লে এটা নিৰ্দিষ্ট চৰিত্ৰৰ বিষয়ে মই নাজানোঁ। বেলেগে কৈ দিয়ে। মোৰ তেনেকুৱা নাই। কিতাপ পঢ়োঁ। আলোচনী পঢ়োঁ। গল্প পঢ়োঁ। কোনোবা এটা চৰিত্ৰই বহু কথা কয়। মোৰ বাবে সেয়া অনুপ্ৰেৰণা। সৰুতে কিজানি ক্লাছ ছেভেন মানত দস্যু ভাস্কৰ অনুপ্ৰেৰণা আছিল। ৰঞ্জু হাজৰিকাৰ ৰহস্য উপন্যাসৰ কোনোবা এটা চৰিত্ৰ আছিল। কেতিয়াবা কিজানি মহাত্মা গান্ধীৰ কিতাপ পঢ়োতে এঘণ্টাৰ কাৰণে তেখেতেই আছিল। তেখেতৰ তাত সমাহিত হৈ গৈছিলো। আচলতে মই বুলি নহয়, এটা নিৰ্দিষ্ট নহয় বিভিন্ন জীৱন যাত্ৰাত একেলগে যিখিনি কিতাপৰ পাতত বা ব্যৱহাৰিক জীৱনত যাক যেনেকৈ লগ পাইছোঁ সেই সমাজ জীৱনৰ সকলো মানুহেই মোৰ কাৰণে অনুপ্ৰেৰণাৰ প্ৰতীক।

আপুনি নামটো পৱিত্ৰ মাৰ্ঘেৰিটা বুলি লিখে। আপোনাৰ নামটোৰ লগত থকা উপাধিটোৰ ক্ষেত্ৰত বহুতেই কনফিউজড হৈ থাকে। আপুনি মাৰ্ঘেৰিটা বুলি লিখাৰ কাৰণটো কি?

মোৰ আচল নামটো পৱিত্ৰ মাৰ্ঘেৰিটা বুলিয়েই ক’ব লাগিব। কাৰণ পাছপ’ৰ্টত এইটো নাম আছে। মোৰ সন্তানৰ নামটোৰ সন্মুখত লিখা থাকে পিতৃ পৱিত্ৰ মাৰ্ঘেৰিটা। গতিকে মোৰ নাম সেইটোৱেই। পৱিত্ৰলৈকে মোৰ নামটো পিতৃ প্ৰদত্ত আছিল। আৰু মাৰ্ঘেৰিটা মই নিজেই দিছোঁ। আজিৰপৰা ২৫ বছৰ আগত যেতিয়া মই বোম্বেত চাকৰি কৰিছিলোঁ, তাত মোৰ বন্ধু কেইজনমান ছাউথ ইণ্ডিয়াৰ আছিল, বিহাৰৰ আছিল, তেওঁলোকে নামবিলাকৰ পিছত উপাধি নিলিখে। মই সুধিলোঁ যে কিয়? তেওঁলোকে কৈছিল যে উপাধিটোৱে জাতি-ধৰ্ম-বৰ্ণ ৰিফ্লেক্ট কৰে। সেইটোৰ দ্বাৰা মই প্ৰভাৱিত হৈছিলোঁ। অসমীয়া বা ভাৰতীয় বুলি পৰিচিত হ’লেই হ’ল। মই মোৰ মাতৃভূমি-জন্মভূমি মাৰ্ঘেৰিটাক ভালপাওঁ। আৰু সেইবাবেই মাৰ্ঘেৰিটা লিখোঁ। আৰু এটা কাৰণ হ’ল নামটো মই পৱিত্ৰ মাৰ্ঘেৰিটা কৰি অলপ আনকমন কৰিলোঁ কাৰণেই তুমি প্ৰশ্ন সুধিছা বা বহুত মানুহে কনফিউজড হৈ আছে। সেইটোও এটা কথা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close