ফটো ফিচাৰযুৱশীৰ্ষ

অসমৰ মডেলিং জগতৰ চিনাকি সুহানী

গৌতম হাজৰিকা

সম্প্ৰতি অসমৰ মডেলিং জগতৰ এটি চিনাকি নাম চুহানি লস্কৰ। অতি কম সময়তে প্ৰবল আত্মবিশ্বাসেৰে ৰেম্পত কেটৱাক কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছে তৰুণ সুন্দৰী মডেল চুহানিয়ে। সৰুৰেপৰা ফেশ্বন টিভিত দেশী-বিদেশী মডেলৰ লয়লাস ভংগিমা দেখি নিজকো তেওঁ কল্পনা কৰিছিল সেই জাকজমক পৃথিৱীখনত।

একাগ্রতা আৰু অন্তহীন সাধনাৰ ফলত আজি চুহানি অসমৰ ফেশ্বন জগতৰ প্ৰতিষ্ঠিত মডেল। ইংৰাজী সাহিত্যৰ ছাত্ৰী চুহানিয়ে ৰেম্পত খোজ দিয়েই ২০১৬ চনত মিছ পাৰফেক্ট ২০১৬ত যোগদান কৰি লাভ কৰে মিছ পাৰফেক্ট পাৰ্ছনেলিটীৰ খিতাপ।

সেয়াই আৰম্ভণি। তাৰ পিছতে খোজ দিলে গুৱাহাটী ফেশ্বন উইকত। সেই একেই বছৰতে লাভ কৰে বিউটী পিজেণ্ট পিংক ভিলা ২০১৬ৰ মিছ বেষ্ট ষ্টাইল আইকনৰ সন্মান। মডেলিঙেৰে চিনাকি চুহানি এগৰাকী চৰকাৰী চাকৰিয়াল। গুৱাহাটীৰ পাঞ্জাবাৰীৰ নিবাসী আব্দুৰ ৰকিব আৰু চাহেৰা বেগমৰ দ্বিতীয় সন্তান চুহানিৰ উচ্চতা পাঁচ ফুট পাঁচ ইঞ্চি আৰু দেহৰ ওজন ৪৮ কিলোগ্ৰাম। শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’বলৈ মন মেলা চুহানিৰ লক্ষ্য মিছেই ইণ্ডিয়া। প্ৰতিদিনে জিমত অনুশীলন কৰা চুহানি আন দহগৰাকী যুৱতীৰ বাবে প্ৰেৰণাৰ আঁকৰ।

Related Articles

Leave a Reply

Close