অসমশীৰ্ষ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভীষণ বিসংগতি: বিজ্ঞান শাখাৰ নৱম স্থান প্ৰাপ্ত নলবাৰীৰ ছাত্ৰ অৰ্ণৱ কপিলে দিয়া নাছিল গণিত বিষয়ৰ পৰীক্ষা

প্ৰথম খবৰ,নলবাৰী: উচ্চতৰ মাধ্যমিকৰ ফলাফলত ভীষণ বিসংগতি ৷ কটন কলেজৰ বিজ্ঞান শাখাৰ নৱম স্থান প্ৰাপ্ত নলবাৰীৰ পকোৱা গাওঁৰ অৰ্ণৱে দিয়া নাছিল গণিত বিষয়ৰ পৰীক্ষা। ৪৭৩ নম্বৰেৰে নৱম স্থান অৰ্ণৱ কপিলে দিয়া নাছিল গণিত বিষয়ৰ পৰীক্ষা ৷ গণিতৰ পৰীক্ষা নিদিয়াকৈ লাভ কৰিছিল বিষয়টোত ৯৪ নম্বৰ ইয়াৰ উপৰি পদাৰ্থ বিজ্ঞানৰ নম্বৰক লৈ সন্তুষ্ট নাছিল ছাত্ৰজন। সেই মৰ্মে ছাত্রজনে নিজে পঠাইছিল বোৰ্ডলৈ প্ৰপত্ৰ। পিছত গণিত বিষয়ৰ নম্বৰ আঁতৰাই দিয়াত পূৰ্বে লাভ কৰা পদাৰ্থ বিজ্ঞান ৮৯ৰ পৰিৱৰ্তে ছাত্রজনে লাভ কৰিছিল ৯৪ নম্বৰ আৰু এই নম্বৰৰে পুনৰ নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ছাত্ৰজন। উল্লেখ্য যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে Assam Tribune লৈ দিয়া বিবৃতিত প্ৰকাশ পাইছিল ভুল তথ্য এই তথ্য অনুসৰি ছাত্র জনে ৪৭৩ নম্বৰেৰে লাভ কৰিছিল ৮ম স্থান একেই নম্বৰত দুটাকৈ স্থান পোৱাতো সন্তুষ্ট ছাত্রজন উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ওপৰত। এই কাৰ্যক ধিক্কাৰ সচেতন মহলৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close