অসম

অসম কৃষি বিপনন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাৰ নগৰবেৰা বজাৰ পৰিদৰ্শন

প্ৰথম খবৰ, নগৰবেৰা: অসম কৃষি বিপনন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাৰ লগতে গুৱাহাটী বজাৰ সমিতিৰ সভাপতি কৃষ্ণ দাস¸সচিব পুলিন মুদিয়াৰে আজি কামৰূপ জিলাৰ বকো সমষ্টিৰ  বৃহত্তৰ নগৰবেৰা বজাৰত উপস্হিতহৈ বজাৰখন পৰিদৰ্শন কৰি ইয়াৰ বিভিন্ন সম্যাৰ বুজ লয়। বজাৰখন পৰিদৰ্শনৰ অন্তত নগৰবেৰা আঞ্চলিক বজাৰ কমিটিৰ কাৰ্যালয়ৰ সন্মুখন অনুষ্ঠিত এক সভাত অংশ গ্ৰহণ কৰে। নগৰবেৰা মৌজা কমিটিৰ কাৰ্যকৰী সভাপতি মদন পাঠকৰ আঁতধৰা সভা খনত নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সম্পাদক ভৱেশ তালুকদাৰে নগৰবেৰা বজাৰ খনত স্থায়ী বজাৰগৃহ , শীতল ভৰাল,  ধান ক্ৰয়-বিক্ৰয় কেন্দ্ৰ  স্থাপনৰ লগতে বজাৰ খনৰ  বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰে৷ সভাতঅসম কৃষি বিপনন পৰিষদৰ উপাধ্যক্ষ গৰাকীয়ে ভাষণ  প্ৰসংগত  বজাৰখনৰ  সমস্যাসমূহ  সমাধানৰ বাবে সাধ্যানুসাৰে  পদক্ষেপ হাতত ল’ব বুলি আশ্বাস প্ৰদান কৰে । সভা খনত নগৰবেৰা মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধি¸নগৰবেৰা বজাৰ কমিটিৰ সভাপতি পৱিত্ৰ কুমাৰ মেধি¸সম্পাদক কমল কলিতাৰ লগতে  আনন্দ দাস¸ মদন পাঠক¸ৰবিলোচন ঠাকুৰীয়া¸আলহাজ:জালাল উদ্দিনকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে  উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close