অসম

অৰাজনৈতিক হ’ব লাগে ৰাষ্ট্ৰপতি: গগৈ

ষ্টাফ ৰিপ’ৰ্টাৰ, প্ৰথম খবৰ: আজি ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এন ডি এ চৰকাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে  প্ৰাৰ্থীৰ নাম ঘোষণা কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁৰ মতে ৰাষ্ট্ৰপতি প্ৰাৰ্থীজন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত ব্যক্তি হ’ব নালাগে। লগতে কয় ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্রত শাষক আৰু বিৰোধী সকলোৰে মাজত আলোচনা মৰ্মে প্ৰাৰ্থী বাচনি কৰোৱা প্ৰক্ৰিয়াটোৰ জৰিয়তে আগবাঢ়িব লাগে। তেওঁলোকে লাগিলে প্ৰথম নামটো প্ৰস্তাৱ কৰক। কিন্তু তেওঁলোকে কথা দি কথা ৰাখিব নোৱাৰিলে। চূড়ান্ত আলোচনা নোহোৱাৰ আগতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। এয়া কৰা উচিত নাছিল বুলি তেওঁ কয়। লগতে তেওঁ শিক্ষামন্ত্রীয়ে ‘মাধ্যম’ সম্পৰ্কত কৰা মন্তব্যক কটাক্ষ কৰি কয় যে অসমীয়া মাধ্যমত পঢ়ি যদি শিক্ষামন্ত্রী হ’ব পাৰে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’ব পাৰে, বিদেশলৈ গৈ শিক্ষকতা কৰিব পাৰে, তেন্তে ইয়াত কিয় নোৱাৰে। এইটো এটা আজৱ ধৰণৰ কথা। তাৰমানে তেওঁৰ তেজত অসমীয়াত্ব নাই, অসমীয়াৰ তেজ থাকিলে তেনেকৈ কেতিয়াও ক’ব নোৱাৰিলেহেতেঁন। ভূপেন হাজৰিকানো ক’ত ইংৰাজী মাধ্যমত পঢ়িছিল? তেওঁ লগতে কয় কেন্দ্ৰীয় চৰকাৰে অসমৰ মূল সমস্যা বুজি নাপায়। তেওঁলোকে অসমীয়া মানুহক ভুলভাৱে পৰিচালিত কৰিছে। এনে মিচলীয়া ৰাজনৈতিক দল ক’তো দেখা নাই। তেওঁলোকে কয় এটা কথা, কৰে ওলোটাটো। লগতে বিজেপি চৰকাৰে অসমৰ পৰ্যটন ক্ষেত্রত ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিয়োগ কৰা প্ৰিয়ংকা চোপ্ৰা সম্পৰ্কতো কটাক্ষ কৰি প্ৰশ্ন কৰে -ক’ত গ’ল তোমালোকৰ প্ৰিয়ংকা, খবৰেই নাই। প্ৰিয়ংকা অহাৰপৰা আগতকৈ পৰ্যটক কমিহে গল| তেওঁ চাহ উদ্যোগ, বানপানী, বিমুদ্ৰাকৰণ বিষয় লৈয়ো চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close