অসম

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটকৰ কাংছা বস্তিত ১৪ নং আসাম ৰাইফলচৰ গুলীত এজন নিৰীহ ব্যক্তিৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা

প্ৰথম খবৰ, লিডু:  এগৰাকী নিৰীহ ব্যক্তিৰ ভুৱা সংঘৰ্ষত মৃত্যুক কেন্দ্ৰ কৰি অৰুণাচলৰ চাংলাং জিলাৰ নামটকত উত্তেজনা। কালি পুৱাতে কাষৰীয়া এখন বনাঞ্চলত পান বিচাৰি গৈছিল নামটকৰ কাংছা বস্তিৰ থিংতু নিমু নামৰ ৪০ বছৰীয়া ব্যক্তি। সন্ধিয়া বহু সময়লৈকে ব্যক্তি জন ঘৰলৈ উভতি নহাত গাঁৱৰে ৮ জন ব্যক্তি বিচাৰি প্ৰৱেশ কৰে বনাঞ্চলত । পূৰ্বৰে পৰা এক নিৰ্দ্দিষ্ট স্থানত খাপ পিটি থকা এটা মাৰ্ঘেৰিটাস্থিত ১৪ নং আসাম ৰাইফলচৰ শিৱিবৰ দলে নিৰ্বিবিচাৰে গুলী চালনা কৰে । আসাম ৰাইফলচৰ জোৱানৰ গুলীতে স্থলীতে নিহত হয় নিৰীহ নিমু । তাৰ পাছত খেদি খেদি ব্যক্তি জনৰ সন্ধানত যোৱা দলটোক লক্ষ্য কৰি গুলীচালনা কৰে যদিও আটাই কেইজন কোনো মতে প্ৰাণ ৰক্ষা কৰি পলাই সাৰে । গাওঁ খনৰ ৰাইজে আজি পুৱাৰে পৰা নামটকস্থিত দ্বিতীয় আই আৰ বি এন কেম্পটো ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ক্ষুদ্ধ ৰাইজে আসাম ৰাইফলচ মুৰ্দাবাদ প্লে কাৰ্ড লৈ ঘটনা স্থলীত উপস্থিত হোৱা চাংলাং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মুখতো ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে ঘটনা স্থলীত পৰিস্থিতি উত্তপ্ত হৈ আছে । গুৰুত্বপূৰ্ণ কথা এজন নিৰীহ ব্যক্তি নিশা প্লায় ১১.১৫ বজাত গুলীবিদ্ধ হৈ মৃত্যু হোৱাৰ পাছতো পুৱতি নিশা তিনি বজালৈকে গুলীচালনা কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি ৰাখে । অন্যহাতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা মাৰ্ঘেৰিটাৰ সাংবাদিক দলক নামটকৰ আৰক্ষী পৰীক্ষণ চকীত প্ৰায় দুই ঘণ্টা ৰখাই সমগ্র ঘটনাটো সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখাৰ ব্যৰ্থ চেষ্টা কৰে স্থানীয় প্ৰশাসনে।

Related Articles

Leave a Reply

Close