নিবন্ধশীৰ্ষ

আইফেল টাৱাৰৰ সেই সুৰীয়া আবেলিটো

পেৰিছৰপৰা ডিম্পল দাস মহন্ত

প্ৰায় এহেজাৰ ফুট উচ্চতাৰ আইফেল টাৱাৰত আমি যেতিয়া এঘণ্টাৰ বাবে ভৰি দিছিলোঁ, তেতিয়া এনে লাগিছিল যেন পেৰিছ এতিয়া আমাৰ হাতৰ মুঠিত। পেৰিছৰ এই প্ৰান্ত আমাৰ আজন্ম সপোন। সৰুৰেপৰা আইফেল টাৱাৰৰ ফটো যেতিয়াই দেখিছিলো, তেতিয়াই সপোন এটা অংকুৰিত হৈছিল। এবাৰ কাষৰপৰা চাবলৈ! সেই বিশালতাক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ! আৰু এতিয়া সঁচাকৈয়ে আমি আইফেল টাৱাৰত। আইফেল টাৱাৰৰ কাষত নহয়, একেবাৰে সোঁমাজত।

পেৰিছৰ প্ৰায় প্ৰতিটো প্ৰান্তৰপৰা আইফেল টাৱাৰ দেখা যায়। আৰু আমি আইফেল টাৱাৰৰপৰা দেখিছোঁ পেৰিছৰ প্ৰায় প্ৰতিটো প্ৰান্ত। সগৌৰৱে থিয় দি আছে আইফেল টাৱাৰ। আৰু আইফেল টাৱাৰৰ হৃদয়ত গৌৰৱান্বিত আমি। উচ্চতাৰ সমানুপাতিকভাৱে দীঘলীয়া ইয়াৰ ছাঁটোৱে যেন গোটেই পেৰিছকে আৱৰি ধৰিব। দীঘলীয়া ছাঁটোৱে স্পৰ্শ কৰিছে ছেইন নদীক।

এদিন পেৰিছলৈ অহাটো সপোন আছিল। এতিয়া আইফেল টাৱাৰত আমি। ইচ্ছা কৰিলেই ভূমিৰপৰা বহু উচ্চতাৰ কেফেটেৰিয়াত অৱসাদ গুচাব পাৰোঁ। ইচ্ছা কৰিলেই বুটিকৰপৰা প্ৰিয়জনলৈ উপহাৰ কিনিব পাৰোঁ।

পেৰিছত থকা গোটেই সময়খিনি যেন মোৰ বাবে আইফেল আইফেল। এভিনিউ জোছেফ ব’ভাৰ্ড আৰু এভিনিউ ডে লা ব’ৰ্ডনাইছৰ সংযোগস্থলত ব্ৰাছায়াৰৰ দৰে কেফেত আপুনি দেখিব সুকীয়া দৃশ্য। বিভিন্ন দেশৰপৰা যোৱা লোকে একাপ কফিত চুমুক দিবলৈ কেফেৰ ভিতৰৰ তুলনাত বাহিৰত বহিবলৈহে ভালপায়। নিতান্তই সুউচ্চ আইফেল টাৱাৰৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰি পনীয়ৰ কাপত সোহা দিয়াটোৰ মজাই বেলেগ।

সেউজীয়া গছ আৰু ওখ অট্টালিকাৰ ওপৰেৰে ভুমূকীয়াই বিশ্বৰ অন্যতম এই নিৰ্মাণে যেন আমাকেই মাতিছে। চহৰখনৰ বিভিন্ন পথৰ আহল-বহল পদপথেৰে খোজকাঢ়ি যাওঁতে এই ঐতিহ্যই বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্যটকৰ সৈতে লুকাভাকু খেলে। এবাৰ দেখি, এবাৰ নেদেখি।

পেৰিছ ছোভেনিয়েৰত সোমালোঁ। পেৰিছক স্মৃতিৰ পাতত সজীৱ কৰি ৰাখিবলৈ বহুতো এইবোৰ বিপনীয়ে আপোনাকো সুবিধা কৰি দিব। বিপনীখনৰপৰা মই মাত্ৰ এপদ সামগ্ৰী কিনিলোঁ। কি কিনিলোঁ আপোনাক নকওঁ।

পেৰিছে আমাৰ মনত পেলাই দিছে গুৱাহাটীলৈ। ইয়াত কিছু দূৰৈৰ আঁতৰে আঁতৰে থকা জেব্ৰা ক্ৰছিংবোৰ। আৰু গুৱাহাটীত…? আমি জেব্ৰা ক্ৰছিং চাব লাগিলে বহুত বিচাৰিব লাগিব। ইয়াত আছে নিয়ম মানি আগবঢ়া গাড়ীবোৰ। কেৱল সেয়াই নহয়। পেৰিছৰ ৰাজপথত আপুনি এতিয়াও দেখিব বাইচাইকেল।

পেৰিছৰ কথা মাত্ৰ কেইটামান শব্দত শেষ কৰিব নোৱাৰি। এই চহৰ বহু কল্পনাৰ আঁকৰ। পেৰিছে বিশ্ববাসীক হাতবাউলি মাতে প্ৰতিনিয়ত। সেই আহ্বানক সঁহাৰি জনায়েইতো ইয়াত সমাহাৰ ঘটে বিশ্বৰ প্ৰতিটো কোণৰ বিভিন্ন মানুহৰ। সময় পালে আকৌ পেৰিছৰ কথা ক’ম। আপোনালোকে ভাল পালে আকৌ আপোনালোকৰ সৈতে বিনিময় কৰিম ভাললগা স্মৃতিবোৰ।

Related Articles

Leave a Reply

Close