অসম

আজি নলবাৰীৰ যজ্ঞভূমিত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেন্সনাৰ গুণেশ্বৰ শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন

প্ৰথম খবৰ, নলবাৰী:,নলবাৰী জিলাৰ বৃহত্তৰ যজ্ঞভূমিৰ জানিগোগ (কৰেবাৰী ) গাঁও নিবাসী শিক্ষাবিদ গুণেশ্বৰ শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ‘ অভিজ্ঞানম ‘ ৰাজহুৱা নাস আৰু পৰিয়ালৰ উদ্যোগত যজ্ঞভূমি সভাগৃহত আজি এখন মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ‘ সুস্থ সমাজ গঠনত শিক্ষকৰ ভূমিকা ‘ শীৰ্ষক আলোচনা চক্ৰখনত মূল বক্তব্য ৰাখি কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ দেৱেন দত্তই কয় যে – শিক্ষক সকলে নীতি নিয়মেৰে চলা প্ৰয়োজন। মাথো দাবীৰ ভিত্তিত সংগ্ৰাম কৰিলে নহ’ব। কাৰণ সুস্থ সমাজ গঠনত শিক্ষকৰ ভূমিকা যথেষ্ট আছে। অৱশ্যে তেওঁলোকৰ দাবী সমূহো চৰকাৰে সমাধান কৰিব লাগে। চৰকাৰী খণ্ডৰ বিদ্যালয় নিঃশেষ কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। এয়া অসমীয়া জাতিক ভাল পোৱা সকলে চিন্তা কৰিবৰ সময় হৈছে। মাতৃভাষাৰ বিদ্যালয়ৰ ধ্বংস হ’লে ভাষাৰ প্ৰতিও ভাবুকি আহিব। শিক্ষাবিদ দত্তই আৰু কয় মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, মুখ্য সচিব, বিষয়া – আমোলা, আৰক্ষী, প্ৰশাসনিক বিষয়া, ঠিকাদাৰ, ব্যৱসায়ি সকলোৱে আমি চৰকাৰী খণ্ডৰ অৰ্থাৎ মাতৃভাষাৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়াব লাগে। এনে সভা – সমিতিত ডাঙৰ কথা ক’লে নহয় বুলি দোহাৰে। ডঃ বীৰেন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, সাহিত্য সভাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক গোবিন্দ কলিতা, বিশিষ্ট চিকিৎসক ডাঃ বসন্ত কুমাৰ বৈশ্য আদিয়ে ভাষন ৰাখে। কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত সোৱঁৰণী গ্ৰন্থ ‘ গুণজৌতি, খনো উন্মোচন কৰা হয়। প্ৰয়াত শিক্ষাবিদ গুণেশ্বৰ শৰ্মাৰ কনিষ্ঠ পুত্ৰ প্ৰণৱ প্ৰান বাচ্যসে শলাগৰ শৰাই আগবঢ়াই। জ্যেষ্ঠ পুত্ৰ কনক প্ৰাণ বাচ্যসে ও ৰাইজৰ সহাৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আদিতে বন্তি ও মাল্যাপণ কৰে প্ৰয়াত শৰ্মাৰ পত্নী হেমলতা দেৱীয়ে।

Related Articles

Leave a Reply

Close