অসম

আলিছিঙা চোকাবাসী সংযোগী বাহঁৰ দলঙৰ জৰাজীৰ্ণ অৱস্থা: অচিৰেই নিৰ্মাণৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

প্ৰথম খবৰ, দলগাওঁ:  দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত আলিছিঙা চোকাবাসী সংযোগী দলংখন কেইবা বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে যদিও স্থানীয় জনপ্ৰতিনিধিৰ অৱহেলাৰ বাবেই আজিও যমৰ যাতনাত ভোগী আছে বৃহত্তৰ এলেকাৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰী সকলে। সচেতন মহলে আমাক জনোৱা মতে,বাহৰ দলংখন ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা হৈছিল যদিও পুনৰ দলংখন মৰণফান্দত পৰিণত হৈছে। উক্ত দলংখনৰ পৰা ইতিমধ্যে পৰি কেইবাগৰাকী বিদ্যাৰ্থীৰ হাত ভৰিও ভাঙিছে যদিও উপায়বিহীন হৈ উক্ত মৰণফান্দত পৰিণত হোৱা বাহৰ দলঙৰে বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে স্থানীয় ৰাইজ তথা ছাএ ছাত্ৰী সকলে। মৰণফান্দত পৰিণত হোৱা উক্ত দলংখন অচিৰেই বিজেপি চৰকাৰক নিৰ্মাণ কৰি দিবলৈ দাবী তুলিছে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰফিকুল ইছলাম আৰু সহঃ সম্পাদক ৰফিক তালুকদাৰে।

Related Articles

Leave a Reply

Close