অসম

উৎকোচ লৈ নিলম্বন যোৰহাটৰ আৰক্ষী কনিষ্টবল

প্ৰথম খবৰ,যোৰহাট: উৎকোচ লৈ ৰঙাঘৰৰ আলহী হোৱা একাংশ প্ৰশাসনিক বিষয়াৰ পাছত আকৌ উৎকোচক লৈ যোৰহাটত দুজনকৈ আৰক্ষী কনিষ্টবলক নিলম্বন কৰা ঘটনাই ৰাইজৰ মাজত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। উল্লেখ যে হেলমেট পৰিধান নকৰা একাংশ যুৱকৰ পৰা উৎকোচ লোৱা এক ভিডিঅ’ চচিয়েল মিডিয়াত সম্প্ৰচাৰ হোৱাৰ পাছত উচ্চপদস্থ বিষয়াই কৰ্তব্যৰত অবস্থাত উৎকোচ লোৱা কনিষ্টবল ডিম্বেশ্বৰ বৰা আৰু শ্ৰীমন্ত কলিতাক নিলম্বন কৰে ।

Related Articles

Leave a Reply

Close