নিবন্ধশীৰ্ষ

ঋণ গ্ৰহণৰ সুবিধা আৰু একাংশ শ্ৰমবিমুখ শ্ৰমিক

কস্তুৰী চুতীয়া

দৰিদ্ৰ শ্ৰমিক শ্ৰেণীক যুগে যুগে শোষিত-লাঞ্চিত শ্ৰেণী বুলি চিহ্নিত কৰা হৈছে। ন্যায় বিচাৰি তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছে। প্ৰতিবাদৰ ভাষা হিচাপে কেতিয়াবা বিচাৰি লৈছে ধৰ্মঘট, অনশন অথবা বিদ্ৰোহৰ তেজেৰে সিক্ত পথ। দাস প্ৰথাৰ দৰে প্ৰথাৰ বিলুপ্তিয়ে শ্ৰমিক শ্ৰেণীৰ বিজয় ডংকা বজায়। ১৮৮৬ চনৰ ৪ মে’ত চিকাগো চহৰত শ্ৰমিকসকলৰ দৈনিক কৰ্মৰ সময় (working hours) ৮ ঘণ্টা কৰাৰ দাবীত ইতিহাস সৃষ্টিকাৰী “হে’মাৰ্কেট বিদ্ৰোহ” শীৰ্ষক ব্যাপক আন্দোলনৰ সফলতাই বিপ্লৱী শ্ৰমিকসকলৰ শিৰ উচ্চ কৰিলে। প্ৰতিবছৰে ১ মে’ত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰাৰ সিদ্ধান্তও হে’য়মাৰ্কেট বিদ্ৰোহৰে ফচল। যি হওঁক, বৰ্তমান সময়ত শ্ৰমিকসকলৰ মজুৰি, বোনাছ, খাদ্য-বাসস্থানলৈ আশাব্যঞ্জক পৰিৱৰ্তন আহিছে। অৱশ্যে এতিয়াও মূলসুঁতিৰ গুৰিধৰোঁতাৰ চক্ষুৰ আঁতৰত বঞ্ছিত শ্ৰমিক যথেষ্ট আছে। তেওঁলোকক ন্যায় প্ৰদান অনাগত দিনৰ এক প্ৰত্যাহ্বান।

বৰ্তমান সময়ত দুই প্ৰকাৰৰ শ্ৰমিক শ্ৰেণী উপলদ্ধ। ধনী শ্ৰমিক শ্ৰেণী আৰু দুখীয়া শ্ৰমিক শ্ৰেণী। উদাহৰণ স্বৰূপে, ভাৰতীয় তেল আৰু প্ৰাকৃতিক গ্ৰেছ নিগম লিমিটেডৰ এজন কৰ্মচাৰী ভূতত্ত্ববিদ আৰু চাহ বাগানৰ পাত ছিঙা এজন বনুৱাৰ কথা বিবেচনা কৰিব পাৰোঁ।দুয়ো শ্ৰমিক। কিন্তু কেঁচা সোণ চাহ আৰু পনীয়া সোণ খনিজ তেলৰ এই দুই কৰ্মচাৰী জীৱনৰ মাজত দেখা পোৱা যায় ব্যাপক পাৰ্থক্য।

অৰ্থ সংকটত প্ৰায়ে জীয়াতু ভোগা দৰিদ্ৰ শ্ৰমিক শ্ৰেণীৰ বাবে বৰ্তমান চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন ঋণ গ্ৰহণৰ সুবিধা আছে। স্বাভাৱিকভাৱেই ই শুভ লক্ষণ। কিন্তু , ইয়াৰ কিছু ঋণাত্মক দিশো বৰ্তমান সুস্পষ্ট হৈ উঠিছে।

বিশেষ উদ্দেশ্য, যেনে- অসুখৰ চিকিৎসা, বিবাহ অনুষ্ঠান, গৃহ নিৰ্মাণ আদিৰ সময়ত শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধিসকলে ঋণগ্ৰহণ কৰে। বৰ্তমান আত্মসহায়ক গোট আৰু বন্ধন বেংকৰপৰা ঋণ ল’বলৈ তেওঁলোক অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। ঋণ গ্ৰহণৰ পাছত হাতলৈ অধিক টকা একেলগে অহাৰ পাছত বহুতে সঞ্চয় কৰি খৰচ কৰে বুদ্ধিমত্তাৰে। যিহেতু সুতে-মূলে পৰিশোধ কৰিবই লাগিব। কিন্তু তাকে নকৰি একাংশই পইচা পাই দুহাত উজাৰি খৰচ কৰে। কামলৈ যাবলৈও মন নকৰে। তাৰ পাছত ঋণৰ বোজাই কোঙা কৰে। পইচা উপাৰ্জন কৰাতকৈও কঠিন সঠিকভাৱে খৰচ কৰাটো। নিয়াৰিকৈ ঋণমুক্ত কৰি সংসাৰ চলাটোও এক কলা। এই কলা আয়ত্ত্ব নকৰা বাবেই ধৰুৱা হৈ মুক্তিৰ পথ বিচাৰি বহুতে চৌৰ্য বৃত্তিৰ দৰে কৰ্মও কৰা পৰিলক্ষিত হৈছে। বহুতে জালিয়তিৰ সহায় লৈছে। থলুৱা মাদক দ্ৰব্যৰ ব্যৱহাৰ তুলনামূলকভাৱে অধিক হোৱাটোও এক গলগ্ৰহ হৈ পৰিছে। এনেদৰেই একাংশ শ্ৰমিক শ্ৰমবিমুখ হৈ পৰিছে। তেওঁলোকৰ শৰীৰৰ পৰা ঘামৰ পৰিৱৰ্তে কেৱল চুলাই বা লাওপানীৰ গোন্ধহে নিৰ্গত হয়। এই শ্ৰমবিমুখতাই ঘৰুৱা সংঘৰ্ষ সৃষ্টি কৰে। স্বাভাৱিকভাৱেই যি ঘৰত পাৰিবাৰিক শান্তি নাথাকে, সেই ঘৰত উন্নয়ন কঠিন।

এইখিনিতে, বাস্তৱ ঘটনা এটা মনলৈ আহিল। বৃদ্ধ দেউতাকে নৰিয়াত পৰি খেতিৰ মাটিখিনিৰ অধিকাংশ গাঁৱৰে আন তিনিজনক বিক্ৰী কৰিলে। কিন্তু মাটিৰ পট্টাত নাম সলনি কৰিবলৈ বাকী আছিল। তেনে সময়তে পূৰ্বতে দিবলগীয়া খাজনা পুতেকে দি থৈ আহিল। আৰু খাজনাৰ ৰচিদ বন্ধন বেংকত দেখুৱাই তিনি লাখ টকাৰ ঋণ ল’লে। ঋণ পৰিশোধ নকৰিলে এতিয়া প্ৰথমেই বিপদত পৰিব মাটি কিনি লোৱা গ্ৰাহককেইজন। পইচাখিনি পোৱাৰ পাছত তেওঁ দ্বিতীয়টো ভুল কৰা আৰম্ভ কৰিলে। পিছদিনাই জুৱা খেলত ১০ হাজাৰ টকা হাৰিল। এইটো এটা উদাহৰণ মাথোঁ। ঋণ গ্ৰহণৰ বাবেই আত্মসহায়ক গোটসমূহতো বহুক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হৈছে। বহুত গোটৰ সদস্যৰ মাজত কাজিয়া আৰু মাৰ-পিট পৰ্যন্ত হৈছে। মূলতঃ উদ্যমেৰে কাম কৰিম বুলি ঋণ লৈ বহুতো আত্মসহায়ক গোটৰ পৰিকল্পনা বগাহাতীত পৰিণত হৈছে। চাহ শ্ৰমিকসকলৰ একাংশই ঋণ লৈ ধৰুৱা হৈ পৰৱৰ্তী সময়ত ঋণ পৰিশোধ কৰিবলৈ হাজিৰা কাম কৰি কৰিও জোৰা মাৰিব নোৱাৰা উদাহৰণ আমি দেখিছোঁ। একাংশই আকৌ আন এক অভিনৱ উপায় গ্ৰহণ কৰিছে। তেওঁলোকে কেইবাটাও গোটৰ সদস্য হয় আৰু এটাৰপৰা ঋণ লয়। ঋণ পৰিশোধৰ সময়ত বেলেগ এটাৰ পৰা ঋণ লয় আৰু পূৰ্বৰটোৰ ঋণ ঘূৰাই দিয়ে। এইদৰেই ঋণ লৈ ঋণ পৰিশোধ কৰি শ্ৰম বিমুখ জীৱন কটোৱাৰ ফন্দি কৰোতে শেষত নানা গঞ্জনা সহিবলগীয়া হয়।

ঋণপ্ৰদানকাৰী অনুষ্ঠান সকলে কেৱল সমাজসেৱাৰ মানসেৰে ঋণ প্ৰদান নকৰে। ইয়াত পোনপটীয়াকৈ ব্যৱসায়িক মনোভাৱ জড়িত। ঋণ সলনি তেওঁলোকে উচ্চ হাৰত সুত লয়। সেই বাবেই যিমান দূৰ পাৰি নিজক ধাৰমুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰাটো শুভ। বৰ্তমান ‘নিজেও খাম, দহকো খুৱাম” বুলি ঋণ লৈ আৰম্ভ কৰা বহুতো প্ৰতিষ্ঠান বা ব্যৱসায়ৰ সাফল্য আশা সঞ্চাৰী। তেওঁলোকৰ সাফল্যৰ আঁৰৰ সুন্দৰ পৰিকল্পনা মনকৰিবলগীয়া। গতিকে, উপযুক্ত পৰিকল্পনা অবিহনে ঋণ লোৱাটো বিপদজনক। বিজ্ঞাপনত দেখুওৱা ৰঙীন সপোনবোৰ বাস্তৱত সহজ নহয়।

গতিকে, দৰিদ্ৰ শ্ৰমিক শ্ৰেণীৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত আৱেগ বৰ্জনীয়। যদিও শ্ৰমিকক কাগজে পত্ৰই লাল চালাম দিয়া হয়, দৰিদ্ৰ শ্ৰমিক এজনে ঋণ পৰিশোধ কৰিব নোৱাৰি পাছত আত্মহত্যা কৰিলে, কান্দিবলৈ বা সহায় কৰিবলৈ যোৱা মানুহ আঙুলিৰ মূৰত গণিব পাৰি। গতিকে, ঋণ গ্ৰহণৰ কুফলখিনি আৰু ঋণ গ্ৰহণ কৰাৰ পাছত ধনৰাশিৰ উপযুক্ত ব্যৱহাৰ সমন্ধে তেওঁলোকক অৱগত কৰাৰ বাবে ব্যৱস্থা লোৱাৰ প্ৰয়োজন। এই ক্ষেত্ৰত স্বেছাসেৱক সন্থাসমূহৰ ইতিবাচক সহাঁৰি আৰু ফলদায়ক পদক্ষেপ আদৰণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close