অসমশীৰ্ষ

এইখন অসমতে প্ৰেমিকাই অপহৰণ কৰিলে প্ৰেমিকক: প্ৰেমিকাক আটক

প্ৰথম খবৰ, মৰাণ: সম্ভৱত: অসমত পোন প্ৰথমবাৰৰ ঘটনা। মৰাণৰ কিশোৰী প্ৰেমিকাই পলুৱাই নিলে গোলাঘাটৰ কিশোৰ প্ৰেমিকক। মৰাণহাট থানাত আৱদ্ধ কিশোৰ-কিশোৰী প্ৰেমিক-প্ৰেমিকা। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীৰ থানাৰ অন্তৰ্গত মৰাণ তিলৈজান মাজপথাৰ গাৱৰ নিবাসী তথা ডোমৰ দলং উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত গোলাঘাট বডিং শেনচোৱা গাঁৱৰ এজন কিশোৰ ছাত্ৰক পলুৱাই আনি নিজা ঘৰত আৱদ্ধ কৰি ৰাখিছিল। পিচত মৰাণ তিলৈজান মাজপথাৰ গাঁৱৰ মহিলা সমিতিয়ে দুয়োকে মৰাণহাট আৰক্ষী থানাত আজি চমজাই দিয়ে । আনহাতে কিশোৰ প্ৰেমিকজনৰ পিতৃ নীলমণি ফুকনে পুত্ৰক অপহৰণ কৰা অভিযোগ তুলি গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৩৪৩/১৭ নং গোচৰৰ ভিত্তিত ৩৬৩ ধাৰাত কিশোৰী প্ৰেমিকাক মৰাণহাট থানাৰ পৰা আটক কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close