অসমশীৰ্ষ

একাগ্ৰতা আৰু দৃঢ়তাৰে সকলোৱে লক্ষ্যত উপনীত হ’ব পাৰে: UPSCত স্থানপ্ৰাপক তপন ডেকা

একাগ্ৰতা আৰু দৃঢ়তা থাকিলে সকলোৱে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। প্ৰথম খবৰৰ সাংবাদিক লিপিকা ডেকাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ক’লে সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত স্থান লাভ কৰা তপন ডেকাই। মহানগৰীৰ ফৰেষ্টগেটৰ বাসভৱনত উপস্থিত হৈ লিপিকা ডেকাই গ্ৰহণ কৰা সাংক্ষাৎকাৰৰ কিয়দংশ প্ৰথম খবৰৰ পাঠকলৈ আগবঢ়োৱা হ’ল।

সৰ্বভাৰতীয় পৰীক্ষাত সফলতা অৰ্জন কৰি আপুনি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনে?

হয়, খুবেই সুখী অনুভৱ কৰিছোঁ। লগতে আজি মা-দেউতাও সুখী।


সৰুৰেপৰা সপোন আছিলনে এনে ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ?

হয়, সৰুৰেপৰা মোৰ লগতে মা-দেউতাৰ সপোন আছিল। আৰু আজি মোৰ সপোন বাস্তৱত ৰূপায়িত হোৱাত বহুত সুখী।

পৰীক্ষাৰ বাবে কেনে ধৰণে প্ৰস্তুতি চলাইছিল?

মই কোনো ক’ছিং ক্লাছৰ সহায় লোৱা নাছিলো। ঘৰতে মই নিজাববীয়াকৈ প্ৰস্তুতি চলাইছিলো। লগতে ইণ্টাৰনেটৰপৰা বহুখিনি উপকৃত হৈছোঁ।

আপুনি দৈনিক কিমান সময় অধ্যয়ন কৰিছিল ?

মোৰ পঢ়াৰ কোনো নিদিষ্ট সময় নাছিল। যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলো।অধ্যয়নৰপৰা কোনো দিনেই বিৰত নাছিলো।

এই ক্ষেত্রত কাৰপৰা কেনে ধৰণৰ প্ৰেৰণা পাইছে?

মোৰ মা- দেউতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক সঞ্জয় দত্ত ছাৰৰ লগতে ওচৰ চুবুৰীয়াৰপৰাও বহুখিনি প্ৰেৰণা পাইছো।

বৰ্তমান শিক্ষা ব্যৱস্থাৰ বিষয়ে আপুনি কি ক’ব বা শিক্ষা ব্যৱস্থা সম্পৰ্কে কি ভাবে?

শিক্ষাৰ ক্ষেত্রত বহুখিনি পৰিৱৰ্তন হৈছে। কিন্তু কেৱল যে ছাত্ৰ-ছাত্ৰীৰে দায়িত্ব থাকিব লাগে তেনে নহয়। অভিভাৱকসকলোৰো দায়িত্ব থকাটো উচিত বুলি মই ভাবোঁ।

বৰ্তমান নৱ প্ৰজন্মক শিক্ষাৰ ক্ষেত্রত আগবাঢ়িবলৈ আপুনি কি উপদেশ দিব?

শিক্ষাৰ প্ৰতি আগ্ৰহ একাগ্ৰতা আৰু ধৈৰ্য থাকিব লাগিব। তেতিয়াহ’লে নিশ্চয় এদিন সপোন বাস্তৱত ৰূপায়িত হ’বই।

Related Articles

1 thought on “একাগ্ৰতা আৰু দৃঢ়তাৰে সকলোৱে লক্ষ্যত উপনীত হ’ব পাৰে: UPSCত স্থানপ্ৰাপক তপন ডেকা”

  1. It is very good site step for the readers…because now eveything going to digitial…its also hlepful for all assamese people of assam amd also out sider of assam….

Leave a Reply

Close