অসম

এশ শতাংশ উত্তীৰ্ণৰে জিলিকিল বেছিমাৰী জাতীয় বিদ্যালয়

প্ৰথম খবৰ দলগাঁও: কালি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰীত এশ শতাংশ উত্তীৰ্ণৰে জিলিকি উঠিল বেছিমাৰী জাতীয় বিদ্যালয়। বিদ্যালয়খনৰ ফলাফল অনুসৰি মুঠ ৩৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ২৮ গৰাকী প্ৰথম বিভাগত তাৰে ৪ গৰাকী ডিষ্টিংছন ,২ গৰাকী ষ্টাৰ মাৰ্ক, আৰু ১১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় স্থান দখল কৰি বেছিমাৰী এলেকাৰ সুনাম কঢ়িয়াই আনে। ইয়াকে লৈ বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত দেখা পোৱা গৈছে আনন্দ উল্লাস।

Related Articles

1 thought on “এশ শতাংশ উত্তীৰ্ণৰে জিলিকিল বেছিমাৰী জাতীয় বিদ্যালয়”

Leave a Reply

Close