অসম

কলগাছিয়াত কংগ্ৰেছৰ প্ৰয়াত সভাপতি অঞ্জন দত্তৰ মৃত্যু বাৰ্ষিকী উদযাপন

প্ৰথম খবৰ, কলগাছিয়া: সমগ্ৰ ৰাজ্যখনৰ লগতে কলগাছিয়াৰ ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত আজি কলগাছিয়া মহকুমাৰ ৰাজীৱ ভৱন প্ৰাংগনত প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত সভাপতি অঞ্জন দত্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী দিন জোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ।এই উপলক্ষে ব্লক কংগ্ৰেছৰ সভাপতি আজগৰ আলী আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক, বিভিন্ন মণ্ডল কংগ্ৰেছৰ সভাপতি, সম্পাদক আদিকে ধৰি এন.এছ.ইউ.আই মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰো ভালে কেইজন লোক উপস্থিত থাকে । সভাত বিধায়ক আব্দুল খালেকে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া ইতিহাস বৰ্ণনা কৰাৰ লগতে কংগ্ৰেছৰ প্ৰয়াত নেতা অঞ্জন দত্তৰ জীৱনী সম্পৰ্কেও এক গুৰুত্বপূৰ্ণ ভাষণ দাঙি ধৰে।

Related Articles

Leave a Reply

Close