অসমশীৰ্ষ

কলাক্ষেত্ৰত যুৱ মৰ্চাৰ অভিনন্দন অনুষ্ঠান, স্থানপ্ৰাপ্তক ৮ হাজাৰকৈ সোণোৱালৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, প্ৰথম খবৰ: ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত উচ্চ, উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাছা পৰীক্ষাত স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়। শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিগৰাকী স্থানপ্ৰাপ্ত শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ফালৰপৰা আঠ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহাৰ্য ঘোষণা কৰে। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পল্লৱ লোচন দাসকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতা-বিধায়ক। কৃতি শিক্ষাৰ্থীসকলক কিতাপৰ টোপোলা, মানপত্র আৰু ভাৰত মাতাৰ ছবিৰে সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close