অসমশীৰ্ষ

কাছাৰৰ লক্ষীপুৰত বিস্ফোৰক উদ্ধাৰ

প্ৰথম খবৰ,শিলচৰ: এক কগোপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰ আৰক্ষীয়ে লক্ষীপুৰত কিছু বিষ্ফোৰক জব্দ কৰিছে ৷ মনিপুৰ সীমান্তৱৰ্তী জিৰিঘাটৰ পৰা শিলচৰ অভিমুখী এখন বাছৰ পৰা এই বিষ্ফোৰক খিনি জব্দ কৰে লক্ষীপুৰ থানাৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে বাছখনৰ পৰা ৩০ ডাল ডিটনেটৰ, ৩০ ডাল জিলেটিন ষ্টিক আৰু বিষ্ফোৰনত ব্যৱহৃত আঠ মিটাৰ ফিউজ তাঁৰ জব্দ কৰে ৷ বিষ্ফোৰক খিনিৰ লগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ৷ বিষ্ফোৰকখিনি পাহাৰৰ শিল ভঙা কামত ব্যৱহাৰৰ বাবে অনা বুলি ধৃত লোক দুজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে যদিও আৰক্ষীৰ সন্দেহ কোনো উগ্ৰপন্হী সংঠন ৰ বাবে বিষ্ফোৰক খিনি অনা হৈছে ৷ অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে
লক্ষীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে ধৃত লোক দুজনক ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close