অসম

কাজলগাঁও মাৰ্কেট শ্বেডত চিৰাং জিলা এন আৰ এইচ এমৰ বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰন পষেকৰ উন্মোচন

প্ৰথম খবৰ, কাজলগাঁও : আজি আনুষ্ঠানিক ভাৱে সমগ্ৰ ৰাজ্যৰ লগতে কাজলগাঁও মাৰ্কেট শ্বেডত আয়োজিত এক অনুষ্ঠানত চিৰাং জিলা এন আৰ এইচ এমৰ বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰন পষেকৰ উন্মোচন কৰে । চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰঞ্জিত মৌপিয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় । চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা আশা কৰ্মি,আশা ছুপাৰ ভাইজাৰ,নাৰ্চ আদি ৰ লগতে বিভিন্ন মহিলা সংগঠন,আত্ম সহায়ক গোটৰ সদস্য সকলেও উপস্থিত থকা এই অনুষ্ঠানত জন্মৰ পৰা পাঁচ বছৰৰ শিশু সকলৰ শতকৰা ৯ শতাংশই অকাল মৃত্যু মুখত পৰিব লগীয়া হয় ডায়েৰীয়াত আক্ৰান্ত হৈ সেয়ে শিশু সকলক ডায়েৰীয়াৰ পৰা ৰক্ষাৰ বাবে অ আৰ এচ চৰবত আৰু জিংক বড়ি কিদৰে শিশু সকলৰ জীৱন ৰখাৰ বাবে ব্যৱহাৰ হয় সেই সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় উপস্থিত চিকিৎসকসকলে । এই অনুষ্ঠানত স্বাস্থ্য বিভাগৰ লগতে জনস্বাস্থ্য কাঢ়িকৰী বিভাগ, শিশু সুৰক্ষা সমিতিৰ বিষয় ববীয়া সকল, জিলাখনৰ কেইবাজনো বিশিষ্ট চিকিৎসক উপস্থিত থাকি সাফল্য মণ্ডিত কৰে । ৰাজ্যিক স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মতে আজি জুন মাহৰ ১২ তাৰিখৰ পৰা অহা ২৪ জুনলৈকে শিশু সকলৰ বাবে জিলা এন আৰ এইচ এমৰ বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰন পষেক চলি থাকিব । যাৰ দ্বাৰা ডায়েৰিয়াত অকালতে মৃত্যু হোৱাৰ শিশু সকলক ৰক্ষা কৰাৰ চেষ্টা কৰা হ’ব ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close