অসম

কামপুৰত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নিশাৰী -কপিলীৰ খহনীয়া অঞ্চল পৰিদৰ্শন

প্ৰথম খবৰ, কামপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ অন্তৰ্গত নিশাৰী অাৰু কপিলী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। লগত সংগ দিয়ে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই। নিশাৰী অাৰু কপিলী নদীৰ বিভিন্ন প্ৰান্তত চলি থকা ভয়াৱহ গৰাখহনীয়া শীঘ্ৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ’ব। এই মন্তব্য জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বুধবাৰে মন্ত্ৰী কেশৱ মহন্তই বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক লগত লৈ কামপুৰৰ তেতেলীসৰা, ভলভলীয়া গাঁও ,দেৱনাৰিকলি আৰু বাৰগুগা অঞ্চলৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে । সাংবাদিকৰ অাগত মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান অস্থায়ী ভাৱে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে।
উল্লেখ যোগ্য যে দীৰ্ঘ দিন কপিলী অাৰু নিশাৰী পৰীয়া ৰাইজে খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰি অাছিল। মন্ত্ৰী গৰাকীৰ অাশ্বাসত উৎফুল্লিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। ইফালে দেৱনাৰিকলিত থকা ৰত্নাৱলী থানত মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰফুল্ল মহন্তই হাতে হাতে কটাৰী লৈ মনৰ কামনা পূৰণ কৰিবলৈ প্ৰাৰ্থনা কৰে । আনফালে বুটিকুৰা বাম মন্দিৰত গেটত তলা বন্ধ থকাৰ বাবে গেটৰ তলা ভাঙি দুই মহন্তই ৰাম মন্দিৰ দৰ্শন কৰে ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close