অসমশীৰ্ষ

কামপুৰত বৰপানী নৈয়ে চলাইছে তাণ্ডৱ

প্ৰথম খবৰ,কামপুৰ: নেৰানেপেৰা বৰষুণৰ ফলত বৰপানী নদী বাঢ়ি অহাৰ ফলত মথাউৰিলৈ নমাই অানিছে ভয়াবহ সংকট । বৰপানী নদীৰ বাঢ়নী পানীয়ে খহাই নিলে জুৰিপাৰ মথাউৰিৰ ৫০ মিটাৰ অংশ । যিকোনো মুহূৰ্তত বৰপানী নদীৰ বুকুত জাহ যাব পাৰে সম্পূৰ্ণ মথাউৰি । মথাউৰিটো চিঙি গলে জলমগ্ন হ’ব ৫০ খনতকৈ অধিক গাঁও। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ অাৰু জনপ্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিও কোনো সহাৰি পোৱা নাই । উপায়ন্তৰ হৈ অঞ্চলটোৰ শিশুৰ পৰা বয়োবৃদ্ধ লৈকে ওলাই অাহি নিজেই খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে । বাঁহ,গছৰ ডাল পেলাই খহনীয়া ৰোধৰ চেষ্টা কৰিছে অাতংকিত ৰাইজে । ৰাইজৰ অাশা পৰিবৰ্তনকামী চৰকাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি ভয়াবহ বিপদৰ পৰা ৰক্ষা কৰিব ৫০ খনতকৈ অধিক গাঁৱৰ দুৰ্ভগীয়া ৰাইজক । স্থানীয় ৰাইজৰ অভিযোগ এই মাথাউৰী নিৰ্মানৰ নামত অহা ধনৰ ব্যাপক অংশ আত্মসাৎ কৰিছে স্থানীয় জুৰিপাৰ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে ৷ কামপুৰ ৰাজহ চক্ৰৰে অন্তৰ্গত বাৰেগোগা বকুল গুৰি আৰু গুইমাৰীত অব্যাহত আছে কপিলী নদীৰ ভয়াবহ গৰাখহনীয়া। ৰহা সমষ্টিৰ অন্তগত এই ঠাই সমূহত যি কোনো মুহূৰ্তত কপিলীৰ বুকুত জাহ যাব পাৰে মথাউৰি । আতংকত দিন কটাইছে শতাধিক পৰিয়ালে ।
তিনিদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ পাছত বৃদ্ধি পাইছে কপিলী নদীৰ জলপৃষ্ঠ । তাৰ সমান্তৰালকৈ অব্যাহত আছে ব্যাপক গৰাখহনীয়া । ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰৰ বাৰেগোগাত কপিলী নদীয়ে লৈছে কাল ৰূপ । যিকোনো মুহূৰ্তত কপিলীৰ বুকুত জাহ যাব পাৰে মথাউৰিটো । ফলত এতিয়া আতংকত দিন কটাইছে অঞ্চলটোৰ শতাধিক পৰিয়াল । ৰাইজৰ অভিযোগ বিগত পোন্ধৰ বছৰে কংগ্ৰেছ। উল্লেখযোগ্য যে ভয়াবহ গৰখহনীয়া অব্যাহত থকা পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

Related Articles

Leave a Reply

Close