অসম

কামপুৰত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,কামপুৰ: নগাঁৱৰ কামপুৰ চেঙাজানত ৰহস্য জনক ভাৱে এজন পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ উত্তেজনা । গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ লোক জনৰ মৃতদেহ ।প্ৰাপ্ত সংবাদ মতে কামপুৰ চেঙাজানত বৃহস্পতি বাৰে পুৱাৰে পৰা হুলস্থুল পৰিবেশ । কাৰণ এজন পুৰুষক গছত বান্ধি থোৱা অবস্থাত উদ্ধাৰ হৈছে । নিহত লকজনৰ জনৰ নাম ৰফিকুল ইছলাম । ৰফিকুলৰ দুখন সংসাৰ । এখন সংসাৰ ধিং টুকটুকিত আৰু আনখন কামপুৰ চেঙাজানত থাকে । ৰফিকুল থাকে ডিমাপুৰত । ঈদৰ বাবে ৰফিকুল আহিছিল চেঙাজানলৈ । যোৱা নিশা ভাত খাই বাহিৰলৈ ওলাই অহাৰ পিছত পুৱা ৰহস্য জনক ভাবে গছত বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় । কোনো ব্যক্তিৰ লগত হাই কাজিয়া নকৰা ৰফিকুলৰ এনে মৃত্যুত সহজ ভাবে লব পৰা নাই স্থানীয় লোকে । দূৰ্বৃত্তই হত্যা কৰি গছত বান্ধি থোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।ঘটনাৰ খবৰ পাই কামপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো নমাই অনাৰ ব্যৱস্থা কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে । জিলা উপায়ুক্ত আহিলেহে মৃতদেহ আৰক্ষীক দিয়াৰ সিদ্ধান্ত ৰাইজৰ । পিছত জিলা প্ৰশাসনৰ , ৰহা চক্ৰ বিষয়া আদি উপস্থিত হোৱাত মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীক দিয়ে । ইফালে ৰফিকুলৰ পত্নীয়ে কিন্তু এয়া সাধাৰণ ঘটনা আল্লাইহে জানে বুলি কয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close