অসম

কাৰ্বি আংলঙৰ হাওৰাঘাটত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি

প্ৰথম খবৰ,হাওৰাঘাট: ভয়াৱহ বানত বুৰিছে হাওৰাঘাটৰ অক্-কেৰেং অঞ্চলৰ বিস্তীৰ্ণ এলেকা। দেওবাৰে সন্ধিয়াৰ পৰাই হাওৰাঘাট-পাৰখোৱা সংযোগী একমাত্ৰ গড়কপ্তানি পথৰ ওপৰেদি বাগৰিছে পানী। চৌদিশে বানাক্ৰান্তৰ হাহাকাৰ। বিলৈ পশুধনৰো। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে দিখাৰু, দীঘলপানী আৰু হৰকাঠী নৈ বাঢ়ি অহাত সম্প্ৰতি প্ৰতিঘন্টাৰ মূৰে মূৰে প্লাৱিত হৈছে ন ন অঞ্চল। বুৰিছে শ ন পৰিয়ালৰ ঘৰ-দুৱাৰ ৷ আহাৰমহীয়া বানত জলমগ্ন অক্-কেৰেং, পূৱ দিখাৰু অঞ্চলৰ শ শ হেক্টৰ কৃষিভূমি ৷ শেহতীয়া খবৰ মতে, বানত বুৰিছে অক্-কেৰেং দীঘলপানী, কেলাই ৰংপি, কেহাই টেৰণ, কামপুৰীয়া গাঁও, পূৱ দিখাৰু,  দিঘলীপাৰ, দুৰ্গাপুৰ, বাঢ়ৈ শংকৰ গাঁৱকে ধৰি কমেও ২০/২৫ খন ৰাজহ গাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ কিন্তু এতিয়াও স্থানীয় প্ৰশাসন যন্ত্ৰই খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষোভত ফাটিছে বানাক্ৰান্ত ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close