অসম

কাৰ্বি স্বায়ত্ব পৰিষদ দখল বিজেপিৰ

প্ৰথম খবৰ, বৈঠালাংছ’: কাৰ্বি অাংলং স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনত পুনৰ দেখা গ’ল বিজেপিৰ আধিপত্য। কংগ্ৰেছ আৰু মিত্ৰদল অগপৰ ভেটি তচনচ কৰি বিজেপিয়ে আজুৰি নিলে পৰিষদৰ শাসনৰ বাঘজৰী।

১নং দুৱাৰ আমলা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰভাত তাৰ’ বিজয়ী। নিৰ্দলীয় প্ৰাৰ্থী ধনীৰাম ইংলেঙক পৰাস্ত কৰে। ইফালে ২নং আমৰি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ডি উফিং মাচলাই বিজয়ী। বিজেপি প্ৰাৰ্থী ধনীৰাম মাচলাইক ৮৯৯ টা ভোটত পৰাস্ত কৰে। নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৪১২১ টা ভোট আৰু বিজেপিয়ে লাভ কৰে ৩২২২টা। ৫নং ৰংখাং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হৰেণ ছিং বে বিজয়ী।কংগ্ৰেছ প্ৰাৰ্থী ছিং তেৰণক পৰাস্ত কৰে।

৫নং ৰংখাং সমষ্টিত বিজেপি প্ৰাৰ্থী হৰেণ ছিং বে বিজয়ী।কংগ্ৰেছ প্ৰাৰ্থী ছিং তেৰণক ২১৯৩ টা ভোটত পৰাস্ত কৰে। বিজেপি প্ৰাৰ্থীয় লাভ কৰে ৭২৮৯টা ভোট আৰু কংগ্ৰেছে লাভ কৰে ৫০৯৬ টা।

১নং দুৱাৰ আমলা সমষ্টিত বিজেপি দলৰ প্ৰভাত তাৰ’ই লাভ কৰে ৫৮৮০টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী ধনীৰাম ইংলেঙে লাভ কৰে ৩৮৩১ টা ভোট। ২০৪৯ ভোটত বিজেপি প্ৰাৰ্থী জয়ী হয়। ৩নং চিনথং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰদীপ ৰংপীয়ে কংগ্ৰেছৰ ৰূপছিং বংৰুঙক পৰাস্ত কৰি বিজয় লাভ কৰিছে।

৪নং চ’ছেং সমষ্টিত বিজেপি প্ৰাৰ্থী বিগত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰূপছিং তেৰণৰ হাতত ৮১ টা ভোটত পৰাস্ত এইচ এচ ডি চি দলৰ প্ৰাৰ্থী ৰামছিং তেৰাং।

৮নং হামৰেণ সমষ্টিত বিজেপিৰ মংগলছিং তিমুং বিজয়ী।কংগ্ৰেছৰ মোহন ইংতিক পৰাস্ত কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে। ৬নং বিথুং ৰেংথামা সমষ্টিত প্ৰথম ৰাউন্ডৰ গণনাৰ শেষত বিজেপি প্ৰাৰ্থী বিগত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিকটতম প্ৰতিদ্বন্দ্বি কংগ্ৰেছৰ বাজং তিছ’তকৈ ৪৫৮২ টা ভোটত অগ্ৰগতি।

৬নং বিথুং ৰেংথামা সমষ্টিত বিজেপি প্ৰাৰ্থী বিগত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙ বিজয়ী। নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বাজং তিছ’ক পৰাস্ত কৰে।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close