অসম

কুমাৰিকাটাৰ ৩নং কালিপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত চুৰি

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ কুমাৰিকাটা আৰক্ষী চকীৰ অন্তৰ্গত ৩নং কালিপুৰৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত যোৱা নিশা চোৰে লুটি নিয়ে বহু সামগ্ৰী। সত্ৰ খনৰ তোৰণৰ নিৰ্মান কাৰ্য চলি থকা বাবে সত্ৰৰ চৌহদত মজুত ৰখা হৈছিল চিমেণ্ট আৰু ৰ’ড। চোৰে যোৱা নিশা সত্ৰ খনৰ পৰা ১৭ বস্তা চিমেণ্ট, ৩ কুইণ্টল ৰ’ড লুটি নিয়ে। চোৰে সত্ৰৰ চৌহদত থকা পকী খুটি উভালি ভাঙি পেলোৱাৰ উপৰি নিৰ্মাণত কলীয়া দমনৰ প্ৰতিমূৰ্তি ও ভাঙি পেলায়। বৰপেটা সত্ৰৰ অধীনৰ শাখা সত্ৰ খনত চোৰে এনেদৰে লুট পাট চলোৱা কাৰ্যক সৰ্বত্ৰে গৰিহণা দিছে। ইতিমধ্যে সত্ৰ পৰিচালনা সমিতিয়ে কুমাৰিকাটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close