অসম

কুসুমটোলাত আঘাটপ্ৰাপ্ত বৰটোকোলা উদ্ধাৰ

প্ৰথম খবৰ, জামুগুৰিহাট: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্তৰ্গত কুসুমটোলাৰ বৰিগাঁও অঞ্চলত আজি দুপৰীয়া এটি আঘাটপ্ৰাপ্ত বৰটোকোলা উদ্ধাৰ কৰে অঞ্চলটোৰে এজন যুৱকে৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰিগাঁৱৰ প্ৰাঞ্জল হাজৰিকা নামৰ যুৱকজনে অঞ্চলটোৰ ৰাজহুৱা বৰপুখুৰীত বৰটোকোলাতো প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছতে বৰটোকোলাতো উদ্ধাৰ কৰি গাঁৱৰ ৰাইজক খবৰ দিয়াত সকলোৰে সহযোগত ডিপলুঙা বন সংমণ্ডলক চমজাই দিয়ে আঘাটপ্ৰাপ্ত বৰটোকোলাটো৷ উল্লেখ্য যে, অঞ্চলটোৰ সচেতন যুৱক প্ৰাঞ্জল হাজৰিকাৰ এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটোৰ ৰাইজে৷ ইফালে, বন বিভাগে  উক্ত ভৰিত আঘাটপ্ৰাপ্ত বৰটোকোলাতোৰ চিকিৎসা কৰি অসম-অৰুণাচল সীমান্তৱৰ্তী চিজুছাত মুকলি কৰি দিব বুলি জানিব পৰা গৈছে৷

 

Related Articles

Leave a Reply

Close