অসম

কৃষ্টি বিকাশ সংঘৰ উদ্যোগত ৰাভা দিৱস উৎযাপন

প্রথম খবৰ, জাজৰি: সমগ্র অসমত সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰাৰ লগতে নগাঁও জিলাৰ মাজমজিয়াত বৰহাতীচোং পুথিভঁৰাল আৰু কৃষ্টি বিকাশ সংঘৰ উদ্যোগত এক ব্যতিক্ৰমী আয়োজনেৰে অনুষ্ঠিত কৰিলে এইগৰাকী মহান শিল্পী বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতি দিৱস। বৰহাতীচোং নামঘৰ প্রাংগণত আজি অনুষ্ঠিত কৰা ৰাভা দিৱসত পুৱা পতাকা উওোলন, বন্তি প্রজলন, শ্বহীদ তর্পন, মাল্য প্রদান আৰু বৃক্ষৰোপণেৰে অনুষ্ঠানৰ আৰাম্ভণি কৰে। ইয়াৰ পিছতেই ৰাভা দিৱসৰ লগত সংগতি ৰাখি ক্ৰমে চিত্রাংকন প্রতিযোগিতা, কবিতা আবৃতি, আকস্মিক বক্তৃতা আৰু ৰাভা সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰে। উৎযাপন সমিতিয়ে প্রথম খবৰৰ জৰিয়তে জনাইছে যে নিশালৈ ৰাভা দেৱৰ গীতত এখনি আটকধুনীয়া আধুনিক নৃত্য প্রতিযোগিতাৰ আয়োজন কৰিছে। শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটোৰ সম্পাদক প্রণৱ জ্যোতি দেৱনাথৰ লগতে সমূহ কমর্কতাই প্রথম খবৰৰ আগত প্রকাশ কৰিছে যে বৰ্তমান সমাজৰ নৱ প্রজন্মক বিষ্ণু প্রসাদ ৰাভা কোন আছিল, তেখেতৰ কর্মৰাজিৰে যাতে নৱপ্রজন্ম আগুৱাই যাই আৰু তেখেতক আমাৰ সমাজত জীয়াই ৰখাৰ প্রতিশ্রুতিৰে কৃষ্টি বিকাশ সংঘই প্রত্যেক বছৰে বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতি দিৱস উৎযাপন কৰি আহিছে।

Related Articles

Leave a Reply

Close