অসম

কৃষ্ণছিগা প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত তোৰণ উদ্বোধন

প্ৰথম খবৰ,দিখৌমুখ: শিৱসাগৰ জিলাৰ আমগুৰি প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ দিখৌমুখৰ ৮৭৯ নং কৃষ্ণছিগা প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত মূল তোৰণ খন আজি আনুস্থানিক ভাৱে উদ্বোধন কৰা হয়৷ আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈ উদ্বোধক হিচাবে উপস্থিত থাকি তোৰণ খনৰ উদ্বোধন কৰে৷ উল্লেখ্য প্ৰাথমিক বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী দিব্যলতা হাজৰিকাই তেওঁৰ প্ৰয়াত শহুৰ বেণুধৰ দত্তৰ সোৱঁৰণত তোৰণ খন সম্পূৰ্ণ ব্যক্তিগত আৰ্থিক অনুদানেৰে নিৰ্মান কৰি প্ৰাথমিক বিদ্যালয় খনলৈ আগবঢ়াইছে৷ আজিৰ তোৰণ তোৰণ উদ্বোধনী অনুস্থানত সংশ্লিষ্ট বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়-ববীয়া আৰু স্থানীয় ৰাইজে তোৰণ দাতা দিব্যলতা হাজৰিকাৰ লগতে তেওঁৰ স্বামী ভৱজ্যোতি দত্তক সম্বৰ্ধনা জ্ঞাপন কৰে৷ স্থানীয় সাংবাদিক প্ৰশান্ত দত্তই আত ধৰা অনুস্থানত প্ৰথমেই বন্তি প্ৰজ্বলন কৰে স্থানীয় সমাজকৰ্মী কুলধৰ ভৰালী আৰু নগেন চন্দ্ৰ দত্তই৷ তোৰণ উদ্বোধক, বন্তি প্ৰজ্বলক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মণ্টু কলিতা, শিক্ষক ভৱজ্যোতি দত্তই বক্তব্য ৰখা অনুস্থানত তোৰণ নিৰ্মান শিল্পী বিপুল ভৰালীকো সম্বৰ্ধনা জনোৱা হয়৷
-প্ৰণৱ খাটনিয়াৰ৷

Related Articles

Leave a Reply

Close