অসম

“কেৱল নিৰ্বাচনৰ বাবে মই ৰাজনীতি কৰা নাই, পাহাৰীয়া জিলাখনত সৰ্বাধিক-সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ ঘটায় নতুন দিগন্ত ৰচনা কৰাই মোৰ হৈছে একমাত্ৰ লক্ষ্য” —তুলিৰাম ৰংহাং

প্ৰথম খবৰ,খেৰণি: আগন্তুক কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পায় থকাৰ সময়তে নিৰ্বাচনী যুঁজত পাহাৰীয়া জিলাখনত থকা বিভিন্ন ৰাজনৈতিক দলত চৌদিশে হোৱা দল ত্যাগ আৰু যোগদানে দলৰ স্থিতি আৰু শক্তিটো উত্থান-পতন ঘটাও ইতিমধ্যে  পৰিলক্ষিত হৈছে৷ অৱশ্যে এনেবোৰ নীতি কৌশলৰ মাজেৰে চলি থকা নিৰ্বাচনী যুদ্ধৰ অংশ হিচাপে আজি ৬ নং বিথু ৰেংথেমা পৰিষদীয় সমষ্টিৰ কেইবাটাওকৈ স্থানত দেখিবলৈ পোৱা গ’ল বিজেপিৰ বিশাল নিৰ্বাচনী সভা আয়োজন কৰা৷ বিশেষকৈ উক্ত সমষ্টিটোৰ তুমপ্ৰেং আৰু তৰাডুবীত আয়োজিত সভাত প্ৰাক্তন বিভাগীয় অধ্যক্ষ ক্ৰমে দিত্যলাল হাস্নু, বিদ্যাছিং টেৰন, বিজেপি নেতা টাৰজেন লাংথাছা, লিৱছন বে, ৰন বাহাদুৰ ছেত্ৰী আদিকে কৰি একেলগে উপস্থিত হোৱা প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তথা উল্লেখিত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংহাং উপস্থিত হৈয়েই সভা দুখনত থকা দুইসহস্ৰাধিক বিজেপি নেতা কৰ্মী আৰু সমৰ্থকক উদ্দেশ্যি কয় যে মই কেৱল নিৰ্বাচনৰ বাবে ৰাজনীতি কৰা নাই, পাহাৰীয়া জিলাখনত সৰ্বাধিক-সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ ঘটায় নতুন দিগন্ত ৰচনা কৰাই হৈছে মোৰ একমাত্ৰ লক্ষ্য”৷ জনসেৱা আৰু জিলাখনৰ সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ কৰাটোয়ে মই মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে লৈ মোৰ কাৰ্য্যকালত কাম কৰি আহিছো আৰু অনাগত দিনটো এই ধাৰা অটুত ৰাখি সৰ্বাধিক-সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ ঘটাই সকলো সমস্যাৰ সমাধান কৰি জিলাখনক ৰাজ্যৰ ভিতৰতে এখন আদৰ্শ জিলালৈ ৰূপান্তৰিত কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰাৰ্থী গৰাকীয়ে৷ বিৰোধী ৰাজনৈতিক দলে যিমানেই বিজেপিক আক্ৰমণ নকৰক কিয়, কংগ্ৰেছে যিমানেই খ্ৰীষ্টান-হিন্দুৰ মাজত বিভেদ সৃষ্টি অথবা অকাৰ্বিয়ে অধিকাৰ হেৰাই যোৱাৰ কথাৰে বিপথে পৰিচালিত কৰিব নিবিছাৰক কিয়, বিজেপিক মুঠেই একো কৰিব নোৱাৰে কোনোয়ে অথব কংগ্ৰেছে৷ কাৰন বিজেপিয়ে জাতি, বৰ্ণ, ধৰ্ম, ধনী দুখীয়া সকলো একাকাৰ কৰি সকলোকে সমঅধিকাৰী প্ৰদান কৰি এই দেশ মহা মিলনৰ ভুমিত পৰিনত কৰিছে বিজেপিয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত কোটী কোটী জনতাই বিজেপিক আকোৱালি লৈ দেশৰ লগতে ৰাজ্যত বিজেপি চৰকাৰ গঠন কৰাইছে আৰু বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু জনপ্ৰিয় দল বিজেপিক আগন্তুক কাৰ্বি পৰিষদীয় নিৰ্বাচনতো ৰাইজে বিজেপিক জয়ী কৰোৱাই চৰকাৰ গঠন কৰোৱাব বুলি মন্তব্য প্ৰকাশ কৰে ৰংহাঙে৷ উল্লেখ্য যে নিৰ্বাচনী ধুমুহাৰ মাজত এতিয়াও কাৰ্বি পাহাৰত অব্যাহত আছে বিজেপিত যোগদান কাৰ্য্যসুচী৷ আজিও উল্লেখিত সমষ্টিটোৰ তুমপ্ৰেঙত বিৰোধী দলৰ ১০ টাকৈ পৰিয়াল আৰু তৰাডুবীত ১৫ টাকৈ পৰিয়ালৰ বিপৰীতে ১০ নং ৰেংথেমা গাৰো গাওঁত ৫১ টাকৈ পৰিয়ালে নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷

Related Articles

Leave a Reply

Close